চৰাইদেউ জিলাত অহা ২ ডিচেম্বৰৰ পৰা কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান অনুষ্ঠিত হ‘ব। ৰাষ্ট্ৰীয় কুষ্ঠ নির্মূল কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ ১ লাখৰো অধিক লোকৰ ঘৰে ঘৰে এই অভিযান চলিব। স্বাস্থ্য বিভাগৰ বিশেষ দলে কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচী সুকলমে সম্পন্ন কৰাৰ বাবে চৰাইদেউৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সমাজ কল্যাণ, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ লগতে শ্রম বিভাগৰ বিষয়া উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগকে তেওঁলোকৰ ওপৰত ন্যস্ত দায়িত্ব আৰু কৰ্তব্য সুকলমে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জিলাখনত ৪৮৬টা দলে ঘৰে ঘৰে গৈ এই অভিযানত অংশগ্ৰহণ কৰিব। এই দলসমূহত এগৰাকী আশা কৰ্মী আৰু এজন পুৰুষ স্বেচ্ছাসেৱক থাকিব।
Site Admin | November 22, 2024 6:58 PM | Choriedew