চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ এলেকাৰ অতি দৰিদ্ৰ পৰিয়ালৰ মাজত এককালীন আর্থিক সাহায্য প্ৰদান কৰা হয়। অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ অধীনত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। শান্তিপুৰ ভি চি ডি চি কাৰ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ৩ শতাধিক মহিলা হিতাধিকাৰীৰ মাজত এই এককালীন আর্থিক সাহায্য বিতৰণ কৰে। অনুষ্ঠানত সাংসদগৰাকীয়ে অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালসমূহক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰীৰ তৎপৰতাত ভালেমান পদক্ষেপ গ্ৰহণ কৰা হয় বুলি মন্তব্য কৰে। ভাৰত-ভূটান সীমান্তৰ ৰুণীখাটা, থাইকাঝোৰা, দেওশ্ৰী, হাতীসাৰ আৰু শান্তিপুৰ ভি চি ডি চি এলেকাৰ ৯৪৬টা পৰিয়ালক বাছনি কৰি কালি শান্তিপুৰৰ হিতাধিকাৰীসকলৰ মাজত প্ৰথম কিস্তি হিচাপে এহেজাৰ টকাকৈ প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত দ্বিতীয় কিস্তি হিচাপে ৫ হাজাৰ টকাকৈ দিয়াৰ লগতে ইচ্ছুক হিতাধিকাৰীসকলক পশুপালন বিভাগৰ তৰফৰ পৰা গাহৰি, ছাগলী আদি যোগান ধৰা হ’ব। এই আঁচনিৰ অধীনত অন্যান্য ভি চি ডি চিসমূহৰ হিতাধিকাৰীসকলৰ মাজতো পর্যায়ক্রমে আর্থিক সাহায্য প্ৰদান কৰা হ’ব ।
Site Admin | September 25, 2024 12:37 PM