আজি শিশু দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি অসমৰ বিদ্যালয়সমূহত শিশুসকলৰ মাজত ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালিৰ লগতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিশু দিৱস উপলক্ষে শিশুসকলক শুভেচ্ছা জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত শিশু দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। শিৱসাগৰ নগৰত আজি কেন্দ্ৰীয়ভাৱে আয়োজিত দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে টাই-আহোম সাংস্কৃতিক বিকাশ মঞ্চৰ মুকলি পথাৰত ৰাজ্যিক ভিত্তিত চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰা হয়। এই প্রতিযোগিতাত শতাধিক প্রতিযোগীয়ে অংশগ্ৰহণ কৰে। তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত আজি শিশু দিৱস উদযাপন কৰা হয়। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে আজি বৰহাপজান আৰু মাকুমত এখন বিদ্যালয় আৰু শিশুগৃহত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী, আৱাসী তথা শিক্ষকসকলৰ সৈতে মত বিনিময় কৰে।
গোৱালপাৰা জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত আজি শিশু দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালিৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি অসম বুক অব্ ৰেকৰ্ডছৰ ব্যৱস্থাপনাত অভিলেখ গঢ়াৰ লক্ষ্যৰে গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰত ১৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ১৫০ ফুট দৈৰ্ঘ্যৰ চিত্ৰপটত অসমৰ লোকবাদ্য আৰু লোকনৃত্যক চিত্রায়িত কৰাৰ প্ৰয়াস কৰা হয়।