গোলাঘাটৰ বোকাখাতত ২৩ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ

গোলাঘাট জিলাৰ বোকাখাতত অহা ২৩ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হ’ব। বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ লক্ষ্যৰে জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত এই সমাৰোহৰ আয়োজন কৰা হৈছে। শিশুৰ শাৰীৰিক-মানসিক, বৌদ্ধিক সৃজনীশীলতা, সামাজিক, সামূহিক কাম কৰাৰ কৌশল বিকাশ কৰাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে এই সমাৰোহৰ আয়োজন কৰা হয়। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সমাৰোহত অংক, বিজ্ঞান, পৰিৱেশ, জ্যোতির্বিজ্ঞান, গীত-নাট আদি আমোদ আৰু খেলৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়। প্রয়াত বিজ্ঞানী ড০ পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বীৰুবালা ৰাভা সোঁৱৰণী এই সমাৰোহখনত গ্ৰন্থমেলা আৰু বোকাখাতৰ যুৱ বিজ্ঞানী তথা প্ৰকৃতিপ্ৰেমীসকলৰ কৰ্মৰাজিৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে। চাৰিটা শিকন কোণৰ উপৰি অন্ধবিশ্বাস দূৰীকৰণ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰিছে। সমাৰোহত শান্তিস্বৰূপ ভাটনাগৰ পুৰস্কাৰপ্ৰাপ্ত বিজ্ঞানী বিনয় কুমাৰ শ‍ইকীয়াই শিশুসকলৰ সৈতে মতবিনিময় কৰিব। শিশুসকলৰ সাংস্কৃতিক অনুষ্ঠানেৰে অহা ২৫ মে’ত এই সমাৰোহৰ অন্ত পৰিব।

অধিক পঢ়ক

সকলো চাওক