নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্রিপাঠী চাৰিদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়াত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ত তেওঁ ইণ্ডোনেছিয়া চৰকাৰৰ শীৰ্ষ বিষয়া আৰু প্ৰতিৰক্ষা বিষয়াসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। নৌসেনাৰ মুৰব্বীগৰাকীয়ে ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল শ্বাফ্রি শ্বামছ’ইদ্দিন; ইণ্ডোনেছিয়াৰ সশস্ত্র বাহিনীৰ অধিনায়ক জেনেৰেল আগুছ চুবিয়াণ্টো; আৰু ইণ্ডোনেছিয়াৰ নৌসেনাৰ মুৰব্বী এডমিৰেল মহম্মদ আলীৰ সৈতে বৈঠকত মিলিত হ’ব। এই আলোচনাই প্ৰতিৰক্ষা সহযোগিতাৰ বিস্তৃত ক্ষেত্রসমূহ, বিশেষকৈ সামুদ্রিক নিৰাপত্তা, যুটীয়া প্ৰশিক্ষণৰ পদক্ষেপ, আৰু দুয়ো দেশৰ নৌসেনাৰ মাজত কাৰ্যকৰী সহযোগিতা অধিক শক্তিশালী কৰাৰ পথৰ অন্বেষণ কৰিব। শ্রী ত্রিপাঠীৰ এই ভ্ৰমণ ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পর্ক অধিক সুদৃঢ় কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে। মন্ত্ৰালয়ে লগতে এই পদক্ষেপে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত-ইণ্ডোনেছিয়া সামুদ্রিক সহযোগিতা বিনিময় সন্দৰ্ভত দুয়ো দেশৰ দৃষ্টিভংগীৰ সাদৃশ্যকে আলোকপাত কৰিছে বুলি উল্লেখ কৰে।
Site Admin | December 14, 2024 9:03 PM | Chief of Navy Staff Adm Dinesh K Tripathi reaches Indonesia on four-day official visit
নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্রিপাঠী চাৰিদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়াত উপস্থিত
