মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

♦ সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপি সমর্থক আৰু মিত্ৰ দলৰ কৰ্মীসকলৰ সৈতে এটি চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈ প্ৰায় ১৫ কিলোমিটাৰ পথ চাইকেল চলাই নির্বাচনী প্ৰচাৰৰ আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত নির্বাচনী সভাত অংশ লয়। তেওঁৰ সৈতে মন্ত্ৰী ৰণোজ পেগু, বিধানয়ক ভূবন গাম আৰু মিত্ৰ দলৰ কার্যকর্তাসকলে এই সভাত অংশগ্ৰহণ কৰে। অহা ৭ মে’ত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্রার্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীয়ে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত প্ৰচাৰ চলায়। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ সৈতে মত-বিনিময় কৰে। সৰভোগৰ আহোম পথাৰ চাফা, কামাৰ আদি অঞ্চলত অনুষ্ঠিত ৰাজহুৱা সভাতো তেওঁ অংশ লয়। ইয়াৰ পাছত তেওঁ বৰপেটা ৰোডতো নির্বাচনী প্ৰচাৰ চলায়। ইপিনে, বৰপেটা সমষ্টিৰ চি পি আই (এম) দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে পাকা বেটবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়।https://x.com/himantabiswa/status/1774770560293273736?s=20  

অধিক পঢ়ক

সকলো চাওক