মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বাছনি লাভ কৰা ২৫ হাজাৰ ২৩৮ গৰাকী উদ্যোগীক আজি প্রথম কিস্তি হিচাপে ৭৫ হাজাৰ টকাকৈ বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই প্ৰক্ৰিয়াত ৫১০ কোটি টকা ব্যয় হ’ব। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত কার্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কেইগৰাকীমান উদ্যোগীক আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰথমটো কিস্তি প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যেৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান উল্লেখনীয় পদক্ষেপ হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰীয়ে আজি আর্থিক সাহায্য লাভ কৰা প্ৰতিগৰাকী যুৱ উদ্যোগীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে, ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে এক লাখ চৰকাৰী চাকৰিৰ নিযুক্তি আৰু ২ লাখ যুৱ উদ্যোগীক আর্থিক উদগণি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। বিগত তিনিটা বছৰত দুয়োটা প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে, যোৱা বছৰৰ ২৩ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে প্ৰাৰ্থীসকলে আবেদন কৰিব পৰাকৈ প’ৰ্টেল মুকলি কৰা হৈছিল। এই প’ৰ্টেলযোগে এক লাখ ৪ হাজাৰ ৫১ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল।
আজি প্ৰথম কিস্তি হিচাপে ২৫ গৰাকী যুৱক-যুৱতীক আর্থিক সাহায্য প্ৰদান কৰা হৈ বুলি উল্লেখ কৰি তেওঁ কয় যে, উচ্চ প্রশিক্ষিত ব্যক্তিৰ এটা গোটক মুখ্যমন্ত্রী ফেল’ হিচাপে নিযুক্তি দিয়া হৈছে। এই গোটটোৱে যুৱ উদ্যোগীসকলক ব্যৱসায় চলাই নিয়াৰ বাবে দিহা পৰামৰ্শ প্ৰদান কৰিব। এই সন্দৰ্ভত সামগ্ৰিকভাৱে সহযোগিতা আগবঢ়াবলৈ এটা প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছিল বুলি তেওঁ কয়। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত বাছনিপ্ৰাপ্ত উদ্যোগীয়ে চৰকাৰৰ পৰা ২ লাখ টকাকৈ লাভ কৰিব। ইয়াৰে এক লাখ টকা ৰাজ্য সাহায্য আৰু এক লাখ টকা ঋণ হিচাপে উদ্যোগীগৰাকীলৈ আগবঢ়োৱা হ’ব। আনহাতে অভিযন্তা, এম বি বি এছ, বি বি এছ ডিগ্ৰীৰ দৰে বৃত্তিমূলক অহতাসম্পন্ন বাছনিপ্রাপ্ত উদ্যোগীয়ে ৫ লাখ টকাকৈ লাভ কৰিব। ইয়াৰে আঢ়ৈ লাখ টকা ৰাজ সাহায্য আৰু আঢ়ৈ লাখ টকা ঋণ হিচাপে আগবঢ়োৱা হ’ব।
মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত ৰাজ্যখনত প্ৰতিটো নিযুক্তি প্ৰক্ৰিয়া সম্প্ৰতি স্বচ্ছ আৰু নিকা ৰূপত সম্পন্ন হৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে, এসময়ত ৰাজ্যখনত বিৰাজ কৰা অশান্তি আৰু নেতিবাচক পৰিৱেশৰ অৱসান ঘটি অসমলৈ শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে আজি প্রধানমন্ত্রী মুদ্রা আঁচনিৰ বিষয়ে উল্লেখ কৰি এই আঁচনিৰ জৰিয়তে উদ্যোগীসকলে ২০ লাখ টকা পৰ্যন্ত বেংক ঋণ গ্রহণ কৰিব পাৰে বুলি মন্তব্য কৰে। ৰাজ্যৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ উদ্যোগীসকলক প্ৰদান কৰা ঋণৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, চলিত বৰ্ষৰ ৩১ মার্চ পর্যন্ত ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহলৈ বেংকে ২৯ হাজাৰ কোটি টকাৰ ঋণ আগবঢ়াইছে। উদ্যোগসমূহৰ লগতে ব্যৱসায়ীসকললৈ এই প্রতিষ্ঠানসমূহে ৩৭ হাজাৰ কোটি টকাৰ ঋণ আগবঢ়াইছে বুলি তেওঁ জানিবলৈ দিয়ে।
আজিৰ অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, অতুল বৰা, কেশৱ মহন্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।