মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ‘মুখ্যমন্ত্ৰী নিযুত মইনা’ আঁচনি

ছাত্ৰী সবলীকৰণৰ জৰিয়তে সামাজিক উত্তৰণৰ সুদূৰপ্ৰসাৰী লক্ষ্য আগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত ‘মুখ্যমন্ত্ৰী নিযুত মইনা’ নামৰ আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে। আঁচনিখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বাল্য বিবাহ ৰোধ কৰাই এই আঁচনিৰ মূল লক্ষ্য। বাল্য বিবাহ ৰোধৰ যুঁজখনত বৃত্তিগত শিক্ষাও এটা সমল বুলি উল্লেখ কৰি তেওঁ কয় যে, এনে শিক্ষাৰে কন্যাসকলক শিক্ষিত কৰিব পাৰিলে নিশ্চিত কর্মসংস্থাপন লাভ কৰিব বুলি পিতৃ-মাতৃসকল পতিয়ন যাব আৰু নিজ সন্তানৰ শিক্ষা অব্যাহত ৰাখিবলৈ প্ৰেৰণা দিব এই উদ্দেশ্য আগত ৰাখিয়ে নিযুত ম‍ইনা আঁচনিখন গ্ৰহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে অহা নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰতে অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে পুনৰবাৰ অভিযান চলাব বুলি সদৰী কৰে। তেওঁ কয় যে, ২০১৯-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি অসমৰ ৩১ শতাংশৰো অধিক কন্যাই ২০ৰ পৰা ২৪ বছৰ বয়সতে মাতৃত্বৰ অধিকাৰী হয়। অর্থাৎ এইসকল কন্যাই ১৮ বছৰ পূৰ্ণ কৰাৰ আগেয়ে বিবাহপাশত আবদ্ধ হ’বলগীয়া হয় আৰু শিক্ষা লাভৰ পৰা বঞ্চিত হয়। তেওঁ লগতে কয় যে, দক্ষিণ শালমাৰা ধুবুৰী আদি জিলাত ৫০ শতাংশৰো অধিক কন্যাই ১৮ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হোৱাৰ তথ্য বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে। আনকি বহু সময়ত ১২-১৩ বছৰ বয়সতে মাতৃত্বক আঁকোৱালি লোৱাৰ তথ্যও পোহৰলৈ আহিছে। ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়নৰ জৰিয়তে বাল্য বিবাহ ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এই ক্ষেত্ৰত শিক্ষাইহে সবাতোকৈ ডাঙৰ সমল হিচাপে পৰিগণিত হ’ব বুলি তেওঁ কয়।

অধিক পঢ়ক

সকলো চাওক