ডাউনলোড
মোবাইল এপ

android apple
signal

ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নিৰ্দেশ

◊ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ভোটদানৰ হাৰ বৃদ্ধি আৰু আচৰণগত হাৰ বৃদ্ধিৰ বাবে ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বচা বচা জিলাৰ নিৰ্বাচনী বিষয়া আৰু পৌৰ আয়ুক্তসকলক নিৰ্দেশ দিছে।

মুখ্য আয়ুক্তগৰাকীয়ে তেওঁলোকক নগৰ আৰু গ্ৰামাঞ্চলৰ বাবে সুকীয়া সুকীয়া ৰণনীতি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। শ্ৰী কুমাৰে আজি নতুন দিল্লীত অনুষ্ঠিত পৌৰ আয়ুক্ত আৰু কেইখনমান জিলাৰ নিৰ্বাচনী বিষয়াৰ সৈতে হোৱা বৈঠকত অধ্যক্ষতা কৰি এইদৰে নিৰ্দেশ দিয়ে। আসন্ন লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে আয়োজন নিম্ন ভোটদান বিষয়ক এই সন্মিলনত দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, হায়দাবাদ, আহমেদাবাদ, পুনে, থানে, নাগপুৰ, পাটনা চাহিব, লক্ষ্ণৌ আৰু কাণপুৰত পৌৰ আয়ুক্ত তথা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ কেইখনমান বচা বচা জিলাৰ নিৰ্বাচনী বিষয়াই অংশগ্ৰহণ কৰে। কৰ্ণাটক, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাড়ু, তেলেংগানা আৰু পাঞ্জাৱৰ মুখ্য নিৰ্বাচনী বিষয়াসকলে ভার্চুৱেল ব্যৱস্থাৰে সন্মিলনত ভাগ লয়।

সন্মিলনত মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে জনসাধাৰণৰ মাজত গণতন্ত্ৰৰ এই মহোৎসৱত অংশগ্ৰহণক লৈ গৌৰৱবোধ উদয়ৰ হকে কাম কৰিবলৈ কৰ্তৃপক্ষসমূহক নির্দেশ দিয়ে। তেওঁ লগতে জনসাধাৰণক ভোট গ্রহণৰ বাবে নিজেই আগবাঢ়ি আহিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে যোৱা নিৰ্বাচনত ভোটদানৰ হাৰ কম হোৱাত গ্ৰামাঞ্চলৰ ২১৫ আৰু নগৰাঞ্চলৰ ৫১ টা সমষ্টি চিনাক্ত কৰি উলিওৱা হৈছে আৰু এই সমষ্টিসমূহত জনসাধাৰণৰ অংশগ্রহণ বৃদ্ধিৰ বাবে প্ৰয়াস চলোৱা হ’ব। ইয়াৰ বাবে তেওঁ ভোটগ্রহণ কেন্দ্ৰত সুবিধা বৃদ্ধি, বিচৰা ধৰণে ভোটদাতাসকলৰ সৈতে যোগসূত্র স্থাপন আৰু জনসাধাৰণক প্ৰভাৱিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ পক্ষসমূহক জড়িত কৰাৰ তিনিদফীয়া ৰণনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Read More : 

ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত কঠোৰ নিৰ্বাচন আয়োগ

সমগ্র দেশে উন্নত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছেঃ মোদী

ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সোণোৱালৰ জোনাইত নির্বাচনী সভাত অংশগ্ৰহণ

অধিক পঢ়ক

সকলো চাওক