ডাউনলোড
মোবাইল এপ

android apple
signal

November 7, 2024 1:09 PM | Chhath Puja

printer

ষট পূজা উপলক্ষে ৰাজ্যবাসীক মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

আজি ষট পূজাৰ তৃতীয় দিন। এই উপলক্ষে ভক্তসকলে বিভিন্ন নৈৰ পাৰত অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়। কাইলৈ পুৱা উদিত সূৰ্যৰ উপাসনাৰে এই চাৰিদিনীয়া উৎসৱৰ সামৰণি পৰিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাও ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে। ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। টিআৰপি ৰোডত বাণিজ্যিক বাহন পার্কিঙতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। নৈৰ ঘাটত পূজাৰ সময়ত অঘটন নহ’বলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আয়ুক্তগৰাকীয়ে নিৰ্দেশ জাৰি কৰিছে। আৰক্ষীৰ উপৰি পূজা সমিতিয়ে নিজাববীয়াকৈ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব বুলি কোৱা হৈছে। আনহাতে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পৃথক পৃথক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা থাকিব লাগিব। পুৱা আৰু সন্ধিয়াৰ সময়ত ৰাইজৰ আহ-যাহ কৰাত যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে সমিতিসমূহক স্থানীয় আৰক্ষীৰ সহায় ল’বলৈ আহ্বান জনোৱা হৈছে। সাংস্কৃতিক অনুষ্ঠান বা সমদলৰ নামত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ গুৱাহাটী আৰক্ষীয়ে জনসাধাৰণক আহ্বান জনাইছে। তিনিচুকীয়া জিলাতো ৫ৰ পৰা ৭ নৱেম্বৰলৈ ষট পূজা উদযাপন কৰা হৈছে। কৰিমগঞ্জত জিলা ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰিবলৈ জিলা প্রশাসনে কিছু নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ কেইবাটাও স্থানত ষট পূজাৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ষট্ পূজা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বার্তাযোগে কৈছে যে ষট পূজা দেশৰ প্ৰাচীন উৎসৱসমূহৰ অন্যতম আৰু সূৰ্য দেৱতাৰ উপাসনাৰ এটা উপলক্ষ। শ্রীমতী মুৰ্মুৱে এই উৎসৱে জনসাধাৰণৰ জীৱনলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিব আৰু ইয়াৰ ফলত প্ৰকৃতিৰ প্রতি শ্রদ্ধা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক