ছত্তিশগড়ৰ পথ দুৰ্ঘটনাত ৩ গৰাকী মহিলাসহ ১২গৰাকী লোক নিহত, ১৫গৰাকী আহত

ছত্তিশগড়ত কালি বিয়লি হোৱা এটা পথ দুৰ্ঘটনাত ৩ গৰাকী মহিলাসহ ১২ গৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু অন্য ১৫ জন আহত হয়। আহতসকলৰ ভিতৰত ১০ জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। কুম্‌হাৰীৰ এটা ব্যক্তিগত কোম্পানীৰ ভাটিখানাৰ কৰ্মচাৰীসকল বাছেৰে কামৰ পৰা ঘৰলৈ আহি থকাৰ সময়ত এই অঘটনটো ঘটে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই খাপ্পী গাঁৱৰ সমীপত এটা খনিৰ গাঁতত বাছখন বাগৰি পৰে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষীৰ দলে খবৰ পোৱাৰ লগে লগে দুৰ্ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক ৰায়পুৰৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ছত্তিছগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেঅছাইয়ে এই দুর্ঘটনাক লৈ গভীৰ শোকপ্রকাশ কৰিছে আৰু বিষয়াসকলক আহতসকলৰ বাবে সকলো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। দুৰ্ঘটনাটোৰ এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক