ডাউনলোড
মোবাইল এপ

android apple
signal

March 18, 2025 12:57 PM | Chattisgarh

printer

ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি ১৯ জন মাওবাদীৰ আত্মসমৰ্পণ

ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি ১৯ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। জিলা আৰক্ষী অধীক্ষক জীতেন্দ্ৰ কুমাৰ যাদৱে কয়, যে এই মাওবাদীসকলৰ বাবে চৰকাৰে ২৯ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰৰ পুনৰ সংস্থাপন নীতিৰ আধাৰত প্ৰতিজন মাওবাদীকে ২৫ হাজাৰ টকাকৈ দিয়া হৈছে বুলি তেওঁ ঘোষণা
কৰে।
        ৰাজ্যখনৰ কন্দাগাঁও জিলাত কালি আৰক্ষীৰ সন্মুখত আন এজন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। এই মাওবাদীৰ মূল্য এক লাখ টকা ধাৰ্য কৰা হৈছিল। ইয়াৰ উপৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জিলা আৰক্ষীৰ যুটীয়া অভিযানত কালি ডাণ্টেৱাৰা জিলাত এটা পাঁচ কেজি ওজনৰ আই ই ডি বোমা উদ্ধাৰ কৰা হয়। ঘটনাস্থলীতে আৰক্ষীয়ে বোমাটো নিষ্ক্রিয় কৰে ।

অধিক পঢ়ক

সকলো চাওক