ডাউনলোড
মোবাইল এপ

android apple
signal

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা ইউনেস্ক’ৰ

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা চমুকৈ ইউনেস্ক’ৱে কালি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্রেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। চৰাইদেউ জিলাত অৱস্থিত চৰাইদেউ মৈদাম ক্ষেত্ৰক অসমৰ পিৰামিড হিচাপে অভিহিত কৰা হয় আৰু এই ক্ষেত্ৰখনত ৯০ গৰাকীতকৈও অধিক আহোম ৰাজ পৰিয়ালৰ লোকক সমাধিস্থ কৰা হৈছে।

চৰাইদেউ মৈদাম ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তর্ভুক্ত হোৱাত প্ৰধানমন্ত্রী নৰেন্দ্র মোদীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে। সামাজিক মাধ্যম যোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতৰ বাবে এয়া অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই  চৰাইদেউ মৈদামে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাটো অসমৰ বাবে স্মৰণীয় দিন হিচাপে উল্লেখ কৰে। এয়া অসমৰ বাবে এটা বৃহৎ প্রাপ্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰাইদেউ মৈদাম হৈছে অসমৰ টাই-আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস, চহকী ঐতিহ্য আৰু স্থাপত্য ভাস্কর্যৰ অপূর্ব নিদর্শন।

 

ইফালে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতি প্ৰদান কৰাৰ পাছত চৰাইদেউবাসী উৎফুল্লিত হৈ পৰে। জিলাখনৰ জনসাধাৰণে আনন্দ-উল্লাসৰ মাজেৰে শুভ সংবাদটো উদযাপন কৰে। এই সংবাদ লাভ কৰাব পাছতেই কালি সন্ধিয়া স্থানীয় লোক আৰু বিভিন্ন দল-সংগঠনে মৈদামত এহেজাৰ এগছি বন্তি জ্বলাই পূৰ্ব পুৰুষক স্মৰণ কৰে। তদুপৰি মৈদামৰ পৰা ধোদৰআলি সংযোগী ঐতিহাসিক শৱ নিয়া আলিৰ দুয়োকাষে বন্তি প্ৰজ্বলন কৰি পথচোৱা উজ্বলাই তোলে। ইয়াৰ পূৰ্বে পুৱা চৰাইদেউ জিলাৰ বিভিন্ন ঠাইৰ পৰা নিৰ্বাচিত কৰি অনা টাই- আহোম মলুঙৰ এটা দলে মৈদাম ক্ষেত্ৰত থকা উপাসনাস্থলীত পৰম্পৰাগত ৰীতি-নীতিৰে বানফি পূজা আৰম্ভ কৰে। টাই আহোমসকলে যিকোনো মাংগলিক কৰ্মৰ আৰম্ভণিতে পূর্ব পুৰুষক স্মৰণ কৰি এই বানফি পূজাৰ আয়োজন কৰে।

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতি প্ৰদান কৰাৰ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি কালি মন্ত্ৰী যোগেন মহনে কয় যে, প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অশেষ প্ৰচেষ্টাত চৰাইদেউ মৈদামে এই সন্মান লাভ কৰিছে। সাংস্কৃতিক মন্ত্রী বিমল বৰাই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে ঘোষণা কৰা শুভক্ষণত চৰাইদেউ মৈদামত উপস্থিত হৈ ঐতিহ্যমণ্ডিত আহোম শাসনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাৰ দিনটোত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। অসম গণ পৰিষদ দলে এই বিশেষ ক্ষণত অসমবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তদুপৰি দলটোৱে এই স্বীকৃতি যাত্ৰাত অৰিহণা যোগোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক