বিশ্ব সাংস্কৃতিক ঐতিহ্য চৰাইদেউ মৈদাম ক্ষেত্ৰত লোককৃষ্টি গৱেষণা উন্নয়ন সমিতি, চৰাইদেউবাসী আৰু অসম চৰকাৰৰ সহযোগত অহা ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ ২০২৫ উদযাপন কৰা হ’ব। ৯ জানুৱাৰীৰ পুৱা চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱে মহোৎসৱৰ মুখ্য তোৰণ মুকলি কৰি এই মহোৎসৱৰ শুভাৰম্ভ কৰিব। দিনৰ ১০ বজাত ধৰ্মীয় পৰম্পৰাগত নীতিৰে টাই ম’লুংসকলৰ দ্বাৰা বান-ফি আৰম্ভ কৰা হ’ব। মহোৎসৱত গ্ৰন্থ-বস্ত্ৰমেলা, কৃষিমেলাৰ লগতে ভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। লোককৃষ্টি গৱেষণা আৰু উন্নয়ন সমিতিয়ে মহাবীৰ লাচিত বৰফুকন শীৰ্ষক এখন বুৰঞ্জীমূলক নাটক মঞ্চস্থ কৰিব। পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা, মাৰাথন দৌৰ প্ৰতিযোগিতা, চিত্রাংকণ প্রতিযোগিতা আদিৰো আয়োজন কৰা হৈছে। এই মহোৎসৱত ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
Site Admin | January 6, 2025 12:35 PM | charaideu mahotsav