ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্রমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰ জিলাৰ ডিমৌৰ দিহাজানত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ৫ হাজাৰ বৰ্গফুটৰ এটা ধান ক্রয় কেন্দ্র উদ্বোধন কৰে। এই ধান ক্রয় কেন্দ্ৰটোৰ জৰিয়তে বৃহত্তৰ ডিমৌ অঞ্চলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কৃষকে ন্যূনতম সমর্থিত মূল্যত ধান বিক্ৰী কৰিব পাৰিব। এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ তথা বৰ্তমানৰ ৰাজ্য চৰকাৰে কৃষকৰ আয় দুগুণৰ বাবে বৃদ্ধি কৰিবলৈ লোৱা সক্ৰিয় পদক্ষেপসমূহৰ বিষয়ে ব্যাখ্যা কৰে। আনহাতে মন্ত্রী শ্রীদাসে শিৱসাগৰ জিলাৰ ডিমৌ সমজিলাৰ শুকানপুখুৰী গাঁৱতো এটা অনুষ্ঠানত অংশগ্রহণ কৰি ধান বনা কল উদ্বোধন কৰে। এই অনুষ্ঠানত বিধায়ক সুশান্ত বৰগোঁহাই, ডিমৌ সমজিলাৰ আয়ুক্তকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত আছিল।
Site Admin | November 14, 2024 6:39 PM | 'Chaolung Sukaphaa Udyog' rice mill at Sukan Pukhuri Gohain village | Dimow | Sivasagar district! 11