ডাউনলোড
মোবাইল এপ

android apple
signal

গোলাঘাটত অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত চন্দ্ৰমোহন পাটোৱাৰীৰ পর্যালোচনা সভা

ৰাজ্যৰ পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাত মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভতো আলোচনা কৰি এই বনাঞ্চলবোৰক সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগক যুটীয়াভাৱে প্রয়োজনীয় জৰীপ চলাবলৈও নির্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ অধীনত চলিত বৰ্ষৰ গোলাঘাট জিলাত গছপুলি ৰোপনৰ বাবে অব্যাহত থকা পঞ্জীয়নৰ সবিশেষ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ এই বছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত প্ৰায় ১৩ লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। সেউজ অর্থনীতি গঢ় দিয়াত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত ১০ টাকৈ বিশ্ব অভিলেখ গঢ়াৰ ক্ষেত্ৰত ৰাজ্যখনৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ সৰ্বাধিক অৱদান আছিল। এই বছৰ মহিসাকলৰ প্ৰচেষ্টাত আৰু অধিক অভিলেখ গঢ় দিয়াৰ লগতে ৰাজ্যখনত এটা সেউজ পৰিবেশ গঢ় দিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, অমৃত বৃক্ষ আন্দোলনৰ অধীনত যিসমূহ আত্মসহায়ক গোট, চাহ বাগিছা, শিক্ষানুষ্ঠান, আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান পঞ্জীয়নৰ পৰা বাদ পৰি গৈছিল সেই সংস্থাসমূহে অতি শীঘ্ৰে পঞ্জীয়ন কৰিব পাৰিব যাতে, সময়মতে বিভাগে গছপুলি যোগান ধৰিব পাৰে।

অধিক পঢ়ক

সকলো চাওক