ডাউনলোড
মোবাইল এপ

android apple
signal

এক্ট ইষ্ট নীতিৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ ভাৰত সমৰ্থ

এক্ট ইষ্ট নীতিৰ জৰিয়তে ভাৰতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত নিজৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ সমৰ্থ হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি তৃতীয় দিনা এই সন্দৰ্ভত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, যে এই দেশসমূহৰ সৈতে সংযোগৰ ক্ষেত্ৰত অৰ্থনৈতিক পদক্ষেপ হিচাপে প্ৰথমে পৰিকল্পনা কৰা এক্ট ইষ্ট নীতিয়ে আলোচনা আৰু সহযোগিতাৰ বাবে প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপনকে ধৰি ৰাজনৈতিক, কৌশলগত আৰু সাংস্কৃতিক মাত্ৰা লাভ কৰিছে। ফলস্বৰূপে ইণ্ডোনেছিয়া, ভিয়েটনাম, মালয়েছিয়া, জাপান, ৰিপ্লাৱিক অৱ কোৰিয়া, অষ্ট্ৰেলিয়া, ছিংগাপুৰ আৰু আছিয়ান দেশসমূহৰ সৈতে কৌশলগত অংশীদাৰিত্ব লৈ ভাৰতে নিজৰ সম্পৰ্ক উন্নীত কৰাৰ লগতে যোগাযোগৰ সু-ব্যৱস্থা গঢ়ি তুলিছে। শ্রীপাটোৱাৰীয়ে লগতে ভাৰত, ম্যানমাৰ আৰু থাইলেণ্ডৰ মাজৰ ত্রিপাক্ষিক ঘাইপথৰ দ্বাৰা পথ-বাণিজ্য আৰু চলাচলৰ সুবিধান প্রদান, মিজোৰামক ম্যানমাৰৰ চিট্টৱে বন্দৰৰ সৈতে আভ্যন্তৰীন জলপথ আৰু পথ পৰিবহণৰ সৈতে সংযোগ কৰা, আগৰতলা-আখৌৰা ৰে’লপথ সংযোগৰ দ্বাৰা অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা আদিৰ দৰে প্ৰকল্পসমূহৰ বিষয়েও উল্লেখ কৰে। তদুপৰি উত্তৰ-পূবত ঔদ্যোগিক কৰিড’ৰ স্থাপনৰ বিষয়টো গ্ৰহণ কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় ঔদ্যোগক কৰিড’ৰ উন্নয়ন আৰু ৰূপায়ণ ন্যাসৰ শেহতীয়া বৈঠকত ডাউকী, গুৱাহাটী আৰু মোহে সংযোগৰ প্ৰস্তাৱ অনুকূলভাৱে বিবেচনা কৰা বুলিও তেওঁ অৱগত কৰে।

অধিক পঢ়ক

সকলো চাওক