কৃষি মন্ত্ৰী অতুল বৰা কালি জনতা ভৱনত কৃষি বিভাগ তথা অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত শস্য উৎপাদনৰ সমীক্ষা সম্পৰ্কীয় বিভিন্ন দিশ আলোচনা কৰা হয়।
মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বান প্রভাৱিত অঞ্চলসমূহৰ কৃষকসকলক ক্ষতিপূৰ্ণ দিয়াৰ বাবে সঠিক তথ্য সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে লগতে অসম কৃষি আয়োগৰ অধ্যক্ষ তথা কেইবাগৰাকীও সদস্যৰ সৈতে বৈঠকত মিলিত হয়। তেওঁলোকে ৰাজ্যৰ কৃষি তথা আনুসংগিক খণ্ডসমূহৰ সৈতে সম্পৰ্ক থকা বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত মত বিনিময় কৰে।