ডাউনলোড
মোবাইল এপ

android apple
signal

‘ভাষা গৌৰৱ সপ্তাহ’ পালনৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ উদযাপনৰ অৰ্থে ৩ৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যজুৰি ভাষা গৌৰৱ সপ্তাহ পালন কৰা হ’ব। মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ এটা পোষ্টযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জনসাধাৰণ আৰু প্ৰবাসী অসমীয়াসকলক অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান আৰু ৰাজ্যখনৰ জীৱন্ত ভাষিক বৈচিত্ৰ্যতাৰ উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে শ্ৰীশৰ্মাই কৈছিল যে সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু ৰাজহুৱা কাৰ্যালয়ে এই কাৰ্যসূচীত অংশ ল’ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমীয়া ভাষাৰ বিকাশ আৰু সংৰক্ষণৰ অৱদান আগবঢ়োৱা সাহিত্যিকসকলৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাষা গৌৰৱ সপ্তাহৰ সময়ছোৱাত দুহেজাৰ বছৰ পুৰণি অসমীয়া ভাষাৰ বিভিন্ন তথ্য উন্মোচিত হ’ব।

অধিক পঢ়ক

সকলো চাওক