কেন্দ্ৰীয় চৰকাৰে ডাই-এমনিয়াম ফছফেট (DAP) সাৰৰ উপলব্ধতা বৰ্তাই ৰাখিবলৈ আৱশ্যকীয় পদক্ষেপ লৈছে। ৰাসায়নিক আৰু সাৰ মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য ৰে’লৱে আৰু সাৰ প্রস্তুতকাৰী কোম্পানীসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে। গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও ২০২৪-২৫ ৰবি শস্য বৰ্ষত অক্টোবৰ আৰু নৱেম্বৰত ১৭টনৰো অধিক আমদানিকৃত DAP সাৰ ৰাজ্যসমূহৰ মাজত বিতৰণ কৰা হৈছে। ইয়াৰ উপৰি দেশত উৎপাদন কৰা ৬ লাখ ৫০ টন সাৰ ৰাজ্যসমূহলৈ যোগান ধৰা হৈছে। এইবাৰৰ ৰবি শস্য বৰ্ষৰ বাবে বৰ্তমানলৈকে ৩৪ লাখ ৮১ হাজাৰ মেট্রিক টন DAP আৰু ৫৫ লাখ মেট্রিক টনৰো অধিক নাইট্ৰ’জেন, ফছফৰাছ, পটেছিয়াম আৰু ছালফাৰ সাৰ যোগান ধৰা হৈছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে গুৰুত্বপূৰ্ণ যোগানকাৰীসকলৰ পৰা আমদানি হ্ৰাস পোৱা আৰু লোহিত সাগৰৰ সংকটৰ দৰে ভূ-ৰাজনৈতিক কাৰণত DAPৰ যোগান ব্যাহত হৈছে। উল্লেখযোগ্য যে, দেশ, ৰাজ্যসমূহৰ DAPৰ চাহিদা পূৰণৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰশীল।
Site Admin | November 28, 2024 11:50 AM | Centre taking steps to boost domestic supply of Di-ammonium Phosphate fertilizer
ডাই-এমনিয়াম ফছফেট সাৰৰ উপলব্ধতা বৰ্তাই ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ গ্ৰহণ
