গ্ৰীষ্মকালত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে সকলো প্রয়োজনীয় পদক্ষেপ কেন্দ্ৰৰ

♦ চৰকাৰে গ্ৰীষ্মকালত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে সকলো প্রয়োজনীয় পদক্ষেপ লৈছে। এই সন্দৰ্ভত শক্তি আৰু নতুন তথা নবীকৰণযোগ্য শক্তিমন্ত্ৰী আৰ. কে. সিঙে গ্রীষ্মকালত শূন্য বিদ্যুৎ কর্তন সুনিশ্চিত কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰি কালি নতুন দিল্লীত এলানি বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে তাপবিদ্যুৎ প্রকল্পসমূহৰ পূৰ্ণ সামৰ্থ্যৰ ব্যৱহাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে আংশিক উৎপাদন বন্ধ হৈ থকা সকলো প্ৰকল্পৰ বিদ্যুৎ উৎপাদন সামৰ্থ্যৰ পৰ্যালোচনা চলায়। আংশিক উৎপাদন বন্ধ হৈ থকা সমস্যা হ্ৰাস পাইছে আৰু এনে সমস্যা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থা সম্পৰ্কে পৰামৰ্শ আগবঢ়োৱা হৈছে বুলি বৈঠকত উল্লেখ কৰা হয়। মন্ত্ৰীগৰাকীয়ে কালি বিদ্যুৎ উৎপাদন কোম্পানীসমূহৰ সৈতেও এখন বৈঠকত মিলিত হয় আৰু অ-ব্যৱহৃত হৈ থকা ৫ দশমিক ২ গিগাৱাট তাপ বিদ্যুৎ সামর্থ্যৰ স্থিতিৰ পৰ্যালোচনা চলায়। বতৰ বিজ্ঞান বিভাগে এইবাৰ গ্রীষ্মকালত দেশৰ উত্তৰ-পূব, উত্তৰ-পশ্চিম, মধ্য অংশ আৰু উপদ্বীপ অঞ্চলৰ একাংশ ঠাইৰ বাহিৰে বাকী অংশত সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্রা স্বাভাৱিকতকৈ অধিক হ’ব পাৰে বুলি আগলি বতৰা দিছে। সেয়েহে এইবেলি বিদ্যুৎ চাহিদাও পূৰ্বৰ তুলনাত অধিক হোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক

সকলো চাওক