কেন্দ্ৰীয় চৰকাৰে চলিত মাহৰ বাবে ২৮খন ৰাজ্যলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে ১ লাখ ৩৯ হাজাৰ ৭৫০ কোটি টকাৰ এটা কিস্তি মোকলাই দিছে। বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ধনৰাশিয়ে ৰাজ্য চৰকাৰসমূহক উন্নয়ন আৰু মূলধনী ব্যয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰিব। হস্তান্তৰ কৰা ধনৰাশিৰ ভিতৰত উত্তৰ প্ৰদেশক সৰ্বাধিক ২৫ হাজাৰ কোটি টকা প্ৰদান কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ অন্তৰ্ৱৰ্তী বাজেটত ৰাজ্যসমূহলৈ কৰ হস্তান্তৰৰ বাবদ ১২ লাখ কোটিৰো অধিক টকাৰ ব্যৱস্থা কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে কৈছে যে, যোৱা ১০ জুনপর্যন্ত ৰাজ্যসমূহলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে ২ লাখ ৭৯ হাজাৰ কোটিৰো অধিক টকা প্ৰদান কৰা হৈছে।