ডাউনলোড
মোবাইল এপ

android apple
signal

December 19, 2024 12:48 PM | Central Govt.

printer

আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সুশাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ কৰা হব। প্ৰশাসন যন্ত্ৰক স্বচ্ছ আৰু নিকা কৰাৰ লগতে গ্ৰামাঞ্চলৰ জনতাৰ কাষলৈ লৈ যোৱাটোৱে এই সপ্তাহৰ অন্যতম প্রধান লক্ষ্য। তদুপৰি ৰাজহুৱা অভিযোগ তথা সমস্যাসমূহৰ ক্ষীপ্ৰ নিষ্পত্তিকৰণো এই সপ্তাহ পালনৰ আন এটা বিশেষ বৈশিষ্ট। এই অভিযানকালত কামৰূপ জিলাৰ অন্তৰ্গত গুৱাহাটী, দিশপুৰ, চন্দ্ৰপুৰ, সোণাপুৰ আৰু আজাৰা ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ লগতে চন্দ্ৰপুৰ, ডিমৰীয়া, আৰু ৰাণী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সংশ্লিষ্ট ৰাজহুৱা সমস্যাসমূহ নিষ্পত্তি কৰা হব। এই বিশেষ শিবিৰত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া দায়িত্বত নিয়োজিত হৈ থাকিব।
লখিমপুৰ জিলাতো আজিৰ পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰা হব। সু-শাসন সপ্তাহৰ জৰিয়তে ৰাজহুৱা অভিযোগসমূহৰ সমাধান কৰিবলৈ জিলাখনৰ সকলো বিভাগীয় কাৰ্যালয়ৰ লগতে ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজহুৱা সেৱা উন্নীতকৰণৰ বাবে নাগৰিকসকলৰ অমীমাংসিত আবেদনসমূহ শীঘ্ৰেই নিষ্পত্তি কৰিবলৈ সকলো বিভাগকে নির্দেশ দিয়া হৈছে।

যোৰহাট জিলাতো আজিৰ পৰা প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ কৰা হব। জিলাখনৰ আয়ুক্ত জয় শিৱানীয়ে এই কাৰ্যসূচীত জনসাধাৰণক সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তিনিচুকীয়া জিলাতো এই অভিযান আজিৰ পৰা আৰম্ভ কৰা হব। এই শিবিৰ জিলাখনৰ চাৰিটা ৰাজহ চক্ৰ ডুমডুমা, মাৰ্ঘেৰিটা, শদিয়া আৰু তিনিচুকীয়া ৰাজহ চক্ৰৰ উপৰি ৭টা উন্নয়ন খণ্ডত অনুষ্ঠিত কৰা হব।

অধিক পঢ়ক

সকলো চাওক