কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি যোৱা ২৫ অক্টোবৰৰ পৰা পশুধন পিয়ল কাৰ্যসূচী অব্যাহত আছে। এই পশুধন পিয়লত দেশৰ ঘৰচীয়া জীৱ-জন্তুৰ ভিতৰত অৰ্থনৈতিকভাৱে গুৰুত্ব থকা মুঠ ১৬ বিধ জীৱৰ ২১৯টা থলুৱা আৰু বৰ্ণসংকৰ জাতৰ পিয়ল কৰা হ’ব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ ৬০৫ খন ৰাজহ চক্ৰৰ ৩২টা ৱাৰ্ড সামৰি পশুধন পিয়লৰ কাম পূর্ণগতিত চলি আছে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে নিয়োগ কৰা ২৪ জন পর্যবেক্ষক বিষয়া আৰু তেওঁলোকৰ অধীনৰ ১২৮ জন গণনাকাৰীয়ে ঘৰে ঘৰে গৈ পশুধন আৰু পশুপালন সম্পৰ্কীয় যাৱতীয় তথ্য সংগ্ৰহ কৰিছে। এই পিয়ল সন্দৰ্ভত ওজৰ-আপত্তি থাকিলে ৰাইজে জিলা প্ৰশাসনক অৱগত কৰিব পাৰিব। উল্লেখযোগ্য যে পশুধনৰ ৰোগ নিয়ন্ত্রণ জীৱন জীৱিকাৰ বাবে আঁচনি প্ৰস্তুত কৰাৰ লক্ষ্যৰে প্ৰতি ৫ বছৰৰ মূৰে মূৰে পশুধন পিয়ল কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে।
Site Admin | November 19, 2024 8:37 PM | Central Govt.