কেন্দ্ৰীয় চৰকাৰে কয় যে যোৱা অক্টোবৰৰ শেষ ভাগলৈ ব্ৰাজিলৰ পৰা আমদানি কৰা মাটি মাহৰ দাইলৰ পৰিমাণ ৪ হাজাৰ ১০২ মেট্রিক টনৰ পৰা ২২ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কয় যে শেহতীয়া কেইটামান বছৰত ব্ৰাজিলৰ মাটি মাহৰ দাইলৰ গুৰুত্বপূৰ্ণ যোগানকাৰী ৰূপে পৰিগণিত হৈছে আৰু দেশখন ভাৰতৰ মাটি মাহ আৰু ৰহৰ দাইলৰ আমদানিৰ উৎস হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰালয়ে লগতে ভাৰতীয় ৰাষ্ট্রীয় সমবায় গ্ৰাহক সংঘৰ মাধ্যমেৰে অসম, মেঘালয়, ত্ৰিপুৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহত পিঁয়াজ বিতৰণ কৰা বুলি প্ৰকাশ কৰিছে। এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ জনসাধাৰণৰ বাবে উচিত মূল্যত পিঁয়াজৰ উপলব্ধতা সুনিশ্চিত কৰিব বুলি মন্ত্ৰ্যালয়ে জানিবলৈ দিছে।
Site Admin | November 8, 2024 11:53 AM | Central Govt.