August 30, 2024 7:35 PM | Central Govt.

printer

চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্রহণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে নিৰ্দেশাৱলী গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্রহণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে নিৰ্দেশাৱলী গ্ৰহণ কৰিছে। চলচ্চিত্ৰত বিশেষকৈ শ্ৰৱণ আৰু দৃষ্টি বাধাগ্রস্ত লোকৰ অংশগ্রহণ নিশ্চিত কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য। ইয়াৰ পৰিপ্ৰেক্ষিতত চলচ্চিত্ৰ একোখনত শ্ৰৱণ বাধাগ্ৰস্তসকলৰ বাবে সাংকেতিক ভাষা আৰু দৃষ্টি বাধাগ্ৰস্তসকলৰ বাবে ধাৰা বিৱৰণীৰ ব্যৱস্থা কৰিব লাগিব। দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ সভাগৃহত এই সন্দৰ্ভত এখন কর্মশালা অনুষ্ঠিত হয়। গুৱাহাটীৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণ-পত্ৰ বোৰ্ডৰ আঞ্চলিক বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে এই বিষয় সন্দৰ্ভত বিশদভাৱে ব্যাখ্যা আগবঢ়ায়। সার্বজনীন অংশগ্রহণ সহজ কৰি তোলাৰ উদ্দেশ্যে তেওঁ চলচ্চিত্র উদ্যোগক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। এই কৰ্মশালাত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট চলচ্চিত্র নির্মাতা, ভিডিঅসম্পাদক, শব্দ অভিযন্তা, চলচ্চিত্র প্ৰদৰ্শকৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলে অংশগ্ৰহণ কৰে। কৰ্মশালাত মুম্বাইৰ পৰা এক্সেল চিনেমাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্রীমতী দিপ্তী প্রসাদেও ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক