কেন্দ্ৰীয় চৰকাৰে শূন্য আৰু বুনিয়াদী সীমা শুল্কৰ ১২ দশমিক ৫ শতাংশ হাৰত আমদানি কৰা খোৱাতেলৰ উপলভ্য হৈ থকালৈকে তেলৰ সৰ্বাধিক খুচুৰা মূল্য বৰ্তাই ৰাখিবলৈ আগশাৰীৰ খোৱাতেল সংস্থাসমূহক পৰামৰ্শ আগবঢ়াইছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব সঞ্জীৱ চোপ্ৰাই মূল্য নিৰ্দ্ধাৰণ ৰণনীতি সম্পৰ্কে আলোচনা কৰাৰ বাবে কালি নতুন দিল্লীত ভাৰতীয় ছলভেণ্ট এক্সট্ৰাকচন অর্থাৎ দ্ৰাৱকীয় নিষ্কাশন সংস্থাৰ ভাৰতীয় বনস্পতি তেল উৎপাদনকাৰী সংস্থা আৰু চয়াবিন তেল উৎপাদনকাৰী সংস্থাৰ প্রতিনিধিসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত অধ্যক্ষতা কৰে। চৰকাৰে ঘৰুৱা তৈল বীজৰ মূল্যৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে বিভিন্ন খোৱাতেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক ১৪ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিছে। সেই অনুসৰি অশোধিত চয়াবিন তেল, অশোধিত পাম অইল আৰু অশোধিত সূর্যমুখী তেলৰ বুনিয়াদী সীমা শুল্ক শূন্যৰ পৰা ২০ শতাংশলৈ বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ ফলস্বৰূপে অশোধিত তেলৰ ওপৰত আৰোপিত কাৰ্যকৰী শুল্ক ২৭ দশমিক ৫ শতাংশ হৈছে। ইয়াৰ উপৰি শোধিত চয়াবিন তেল, শোধিত পাম অইল আৰু শোধিত সূর্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক ১২ দশমিক ৫ শতাংশৰ পৰা ৩২ দশমিক ৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ ফলত শোধিত তেলৰ ওপৰত আৰোপিত কাৰ্যকৰী শুল্ক ৩৫ দশমিক ৭-৫ শতাংশ হৈছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে বিশেষকৈ অহা মাহত নতুন চয়াবিন আৰু বাদামৰ শস্য বজাৰলৈ অহাৰ সম্ভাৱনালৈ চাই তৈলবীজৰ ঘৰুৱা খেতিয়কসকলক সহায় কৰাৰ উদ্দেশ্যে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই সালসলনি কৰা হৈছে। মন্ত্ৰালয়ে কৈছে যে দেশত কম শুল্কত আমদানি কৰা তেলৰ প্ৰায় ৩০ লাখ মেট্রিক টন মজুত আছে বুলি আৰু এই পৰিমাণ ৪৫ৰ পৰা ৫০ দিনৰ বাবে পৰ্যাপ্ত বুলি চৰকাৰ ভালদৰে অৱগত
Site Admin | September 18, 2024 11:55 AM | central edible oil