ডাউনলোড
মোবাইল এপ

android apple
signal

August 10, 2024 1:25 PM | Central cabinet

printer

নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পর্যায়ত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্ৰীয় কেবিনেটে নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পর্যায়ত অনুমোদন জনাইছে। কেবিনেটে লগতে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ ৰূপায়ণত অনুমোদন দিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে যোৱানিশা সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে, প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি নতুন বাসগৃহ নিৰ্মাণ কৰা হ’ব। ইয়াৰে ভিতৰত ২ কোটি বাসগৃহ গ্রাম্যঞ্চলত আৰু ১ কোটি বাসগৃহ নগৰ অঞ্চলত নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই আঁচনিখনৰ বাবে বাজেটত ৩ লাখ ৬০ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰ অঞ্চলত বাস কৰা দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব। ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰাথমিক ঋণ প্ৰতিষ্ঠানৰ জৰিয়তে বাসগৃহ নির্মাণ ক্রয় অথবা বহনসাধ্য দৰত বাসগৃহ ভাড়ালৈ লোৱাৰ বাবে এই সাহায্য প্ৰদান কৰা হ’ব। এই আঁচনিৰ বাবে চৰকাৰে ২ লাখ ৩০ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদান কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে, আঁচনিখনৰ অধীনত নগৰ অঞ্চলত কৰ্মৰত মহিলাৰ বাবে হোষ্টেল নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্রেণী, নিম্ন আয় গোট, মধ্য আয় গোট শাখাত ২৫ লাখ টকাৰ গৃহ ঋণৰ ক্ষেত্ৰত ৪ শতাংশ সূদ ৰেহাই দিয়া হ’ব। চৰকাৰে লগতে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ প্ৰস্তাৱিত নিকা উদ্ভিদ কার্যসূচীতো অনুমোদন জনাইছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীবৈষ্ণৱে কয় যে, এহেজাৰ ৭৬৫ কোটিৰো অধিক টকা বিনিয়োগেৰে ৰূপায়ণ কৰিবলগীয়া এই উদ্যম দেশৰ উদ্যান শস্য খণ্ডৰ বাবে অগ্ৰণী উদ্যম ৰূপে পৰিগণিত হ’ব আৰু ইয়াৰ জৰিয়তে উৎকৃষ্ঠতা আৰু সুস্থিৰতা নতুন মান গঢ়ি তুলিব পৰা যাব । নিকা উদ্ভিদ কাৰ্যসূচীয়ে ভাইৰাছ মুক্ত আৰু উচ্চ মানৰ ৰোপণ সামগ্ৰী সুলভ কৰি তুলিব আৰু ইয়াৰ ফলত শস্যৰ উৎপাদন আৰু খেতিয়কসকলৰ আয়ৰ সুযোগ বৃদ্ধি পাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কেবিনেটে লগতে উন্নত জৈৱ প্ৰযুক্তি প্ৰকল্পৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ উদ্দেশ্যে সংশোধিত প্রধানমন্ত্ৰী জীৱন যোজানাত অনুমোদন জনায়। শ্রীবৈষ্ণৱে কয় যে, এই সংশোধনী যোজনাখনৰ সময়সীমা ২০২৮-২৯ বৰ্ষলৈ ৫ বছৰৰ বাবে বৃদ্ধি কৰা হৈছে। এই যোজনাৰ বাবে এহেজাৰ ৯৬৯ কোটি টকা বিনিয়োগ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে কয় যে, কালিৰ কেবিনেট বৈঠকত উচ্চতম ন্যায়ালয়ে অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিৰ সংৰক্ষণ সন্দৰ্ভত অলপতে দিয়া ৰায়ৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। তেওঁ কয় যে, কেবিনেটে এন ডি এ চৰকাৰ বাবা চাহেব আম্বেদকাৰে প্ৰণয়ন কৰা সংবিধানৰ ব্যৱস্থাৱলীৰ প্ৰতি বদ্ধ পৰিকৰ বুলি মত প্ৰকাশ কৰে। শ্রীবৈষ্ণৱে কয় যে, সংবিধানত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ক্ৰিমি লেয়াৰৰ কোনো ব্যৱস্থা নাই আৰু কেবিনেটে অনুসূচিত জাতি জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থা সংবিধান অনুসৰি হোৱা বুলি মত পোষণ কৰে।

অধিক পঢ়ক

সকলো চাওক