কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত ৭ কোটি ৩০ লাখ ইণ্টাৰনেট গ্রাহক আৰু ৭ কোটি ৭০ লাখ ব্ৰ’ডবেণ্ড সেৱাৰ গ্ৰাহক সংযুক্ত হৈছে। যোগাযোগ মন্ত্ৰালয়ৰ মতে এই সময়ছোৱাত ৮৮ কোটিৰ পৰা ৯৫ কোটিৰো অধিক গ্ৰাহকে ইণ্টাৰনেটৰ সেৱা লাভ কৰিছে। এই বিত্তীয় বৰ্ষত ভাৰতীয় টেলিকম খণ্ডতো উল্লেখযোগ্য উন্নয়ন হৈছে। ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ প্ৰাধিকৰণৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি দেশত টেলিফোন গ্ৰাহকৰ সংখ্যা যোৱা বছৰৰ মাৰ্চ মাহৰ শেষৰ পৰা এই বৰ্ষৰ মাৰ্চ মাহৰ শেষলৈ ১১৭ কোটিৰ পৰা ১২০ কোটিলৈ বৃদ্ধি হৈছে।
Site Admin | August 20, 2024 6:52 PM | Central Govt.
২০২৩-২৪ বিত্তীয় বৰ্ষত ৭ কোটি ৩০ লাখ ইণ্টাৰনেট গ্রাহক আৰু ৭ কোটি ৭০ লাখ ব্ৰ’ডবেণ্ড সেৱাৰ গ্ৰাহক সংযুক্ত
