ডাউনলোড
মোবাইল এপ

android apple
signal

December 26, 2024 8:34 PM | CCPA

printer

আগশাৰীৰ প্ৰতিযোগিতামূলক প্রশিক্ষণ প্রতিষ্ঠানক জৰিমনা কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ চি চি পি এ দেশৰ তিনিটা আগশাৰীৰ প্ৰতিযোগিতামূলক প্রশিক্ষণ প্রতিষ্ঠানক জৰিমনা বিহিছে। এই প্রশিক্ষণ প্রতিষ্ঠানকেইটা হৈছে বাজিৰাও এণ্ড ৰেড্ডী ইনষ্টিটিউট, ষ্টাডি আই কিউ আই এ এছ প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু এড্‌জ আই এ এছ প্রশিক্ষণ প্রতিষ্ঠান। এই প্রতিষ্ঠানকেইটাই কেন্দ্রীয় লোকসেৱা আয়োগৰ ২০২২ আৰু ২০২৩ চনৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বিভ্ৰান্তিকৰ দাবীৰে বিজ্ঞাপন দিয়াৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত বাজিৰাও এণ্ড ৰেড্ডী ইনষ্টিটিউট আৰু ষ্টাডি আই কিউ আই এ এছ প্রশিক্ষণ প্রতিষ্ঠান দুটাক ৭ লাখ টকাকৈ আৰু এজ আই এ এছ প্রশিক্ষণ প্রতিষ্ঠানক ১ লাখ টকাৰ জৰিমনা বিহা হৈছে। উল্লেখযোগ্য যে চি চি পি এৰ মুখ্য আয়ুক্ত নিধি খাড়েৰ নেতৃত্বৰ এটা দলে এই বিভ্ৰান্তিকৰ বিজ্ঞাপন সন্দৰ্ভত অনুসন্ধান চলাই এই তিনিওটা প্রতিষ্ঠানে তেওঁলোকৰ প্ৰতিষ্ঠানত প্ৰশিক্ষণ লোৱা শিক্ষার্থীয়ে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অভাৱনীয় সাফল্য লাভ কৰা বুলি কৰা ভুৱা দাবী ধৰা পেলায়। ২০১৯ চনৰ গ্রাহক সুৰক্ষা আইন অনুসৰি, ইচ্ছাকৃতভাৱে তথ্য লুকুওৱা অথবা মিছা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ প্ৰচাৰ চলোৱাটো শাস্তিযোগ্য অপৰাধ আৰু সেয়েহে এই আইনৰ অধীনত এই প্রতিষ্ঠানকেইটাৰ বিৰুদ্ধে এনে শাস্তিমূলক ব্যৱস্থা লোৱা হৈছে বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক