চি বি এছ ই পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰে ৯৬ শতাংশ স্পৰ্শ কৰিছেঃ মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে স্থাপন কৰা ইংৰাজী মাধ্যমৰ আৰু চি বি এছ ই পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰে ৯৬ শতাংশ স্পৰ্শ কৰিছে বুলি প্ৰকাশ কৰিছে। কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আদৰ্শ বিদ্যালয় সংগঠনৰ উদ্যোগত আয়োজিত আদর্শ বিদ্যালয়সমূহৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি শ্ৰীশৰ্মাই এইদৰে কয়। আদৰ্শ বিদ্যালয় প্রতিষ্ঠা ৰাজ্যৰ শৈক্ষিক জগতত ব্যতিক্রমী সংযোজন বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। আনহাতে এই বিদ্যালয়সমূহৰ ফলাফলে ৰাজ্য চৰকাৰৰ ৰাজ্য চৰকাৰৰ আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠাৰ সিদ্ধান্তৰ যথাৰ্থতা প্ৰতিপন্ন কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিদ্যালয়সমূহৰ শিক্ষকসকলৰ নিষ্ঠা আৰু দায়বদ্ধতাৰ শলাগ লয়। বর্তমান এনে বিদ্যালয়ৰ সংখ্যা ৫৬ হৈছেগৈ বুলিও তেওঁ প্ৰকাশ কৰে। আনহাতে ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়ৰ সমান্তৰালকৈ চৰকাৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ উত্তৰণৰ বাবেও সম্পূৰ্ণ সচেতন আৰু সজাগ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। যোৱা বছৰ ১৩ খন আদৰ্শ বিদ্যালয়ৰ বাবে ৭০০ কোটিকৈ কৰা ধাৰ্য কৰাৰ সমান্তৰালকৈ অসমীয়া মাধ্যমৰ ৫০০ খন বিদ্যালয়লৈ ৭ৰ পৰা ৮ কোটিকৈ টকা ধাৰ্য কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে আদর্শ বিদ্যালয় সংগঠনক এই বিদ্যালয়সমূহত ক্ৰীড়া আৰু সংস্কৃতি চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ লগতে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা আৰু দেশৰ উৎকৃষ্ট শিক্ষানুষ্ঠানসমূহলৈ শৈক্ষিক ভ্ৰমণত লৈ যোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিয়ে।

অধিক পঢ়ক

সকলো চাওক