কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। সংস্থাটোৱে চহৰখনৰ বিভিন্ন প্ৰান্তত এই সনন্দৰ্ভত অনুসন্ধান বাহাল ৰখাৰ লগতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু ফৰেনছিক বিভাগৰ দেৱাশিষ সোমকে ধৰি কেইবাগৰাকীও লোকক জেৰা কৰি আছে। চি বি আইয়ে এই সন্দৰ্ভত কালি ১৫টা স্থানত অনুসন্ধান চলায়। ইপিনে পশ্চিমবংগৰ সকলো চৰকাৰী চিকিৎসা মহাবিদ্যালয় তথা চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানত কনিষ্ঠ চিকিৎসকসকলে প্রতিবাদ অব্যাহত ৰাখিছে। পশ্চিমবংগ কনিষ্ঠ চিকিৎসক সংস্থাই আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সঠিক অনুসন্ধান তথা অভিযুক্তৰ দৃষ্টান্তমূলক শাস্তি, চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বৰ্খাস্তকৰণ আৰু কলকাতাৰ আৰক্ষী আয়ুক্ত বিনিত কুমাৰ গোৱেলৰ পদত্যাগৰ দাবী তুলিছে। কনিষ্ঠ চিকিৎসক সংস্থাই কলকাতা আৰক্ষী আয়ুক্তগৰাকীক তদন্তৰ আওতালৈ অনাৰ দাবী কৰাৰ লগতে পশ্চিমবংগৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ ভয়ৰ ৰাজনীতিৰ শীঘ্ৰে অন্ত পেলাবলৈ দাবী জনাইছে।
Site Admin | August 26, 2024 9:06 PM | cbi r g kar hospital