নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধীক গ্ৰেপ্তাৰ চিবিআইৰ

■ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ব্যক্তিজনক ১০ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰকিৰ এই চক্ৰৰ আন এজন মুখ্য ব্যক্তি সঞ্জীৱ মুখীয়াৰ সৈতে যোগসূত্র আছে। সঞ্জীৱ মুখীয়া ২ দশক ধৰি এই কেলেংকাৰীত জড়িত হৈ আছে আৰু পলাতক অৱস্থাত আছে। ৰকিক গ্রেপ্তাৰে চি বি আইক তদন্তত সহায় কৰিব। তদন্তকাৰী সংস্থাটোৱে এতিয়ালৈকে ঝাৰখণ্ডৰ হাজাৰীবাগৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু উপ প্রধান শিক্ষকসহ ১২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। চি বি আই আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে নীটৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাৰ সৈতে জড়িত এই চক্ৰৰ তদন্ত কৰি আছে। চি বি আইয়ে এই ঘটনা সংক্রান্তত বৰ্তমানলৈকে ৬ খন এজাহাৰ ৰুজু কৰিছে।

অধিক পঢ়ক

সকলো চাওক