ৰাছিয়ান সেনা বাহিনীত যুঁজাৰুৰ ভূমিকা লৈ ভাৰতীয় নাগৰিকক সৰবৰাহৰ সৈতে জড়িত গোচৰত ৪ অভিযুক্তক গ্ৰেপ্তাৰ চি বি আইৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে ৰাছিয়ান সেনা বাহিনীত যুঁজাৰুৰ ভূমিকা লৈ ভাৰতীয় নাগৰিকক সৰবৰাহৰ সৈতে জড়িত গোচৰৰ ৪জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। চি বি আইয়ে কৈছে যে, দেশজুৰি এয়া মানৱ সৰবৰাহৰ ঘটনাৰ এখন বৃহৎ জাল, যাৰ জৰিয়তে যুৱ প্ৰজন্মৰ বহুতকে বহিঃ দেশত চাকৰিৰ প্রলোভন দিয়া হয়। এই ঘটনাৰ সৈতে জড়িত ৪জন অভিযুক্তৰ দুজন কেৰালা আৰু আন দুজন মুম্বাইৰ বুলি জানিব পৰা গৈছে। সংস্থাটোৱে জনোৱা মতে এই সৰবৰাহকাৰী সকলে সামাজিক মাধ্যম আৰু স্থানীয় এজেণ্টৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক ৰাছিয়াত উচ্চ দৰমহা পোৱা চাকৰিৰ বাবে প্রলোভিত কৰিবলৈ সংগঠিত নেটৱৰ্ক হিচাপে কাম কৰি আহিছে। চি বি আইৰ মতে সৰবৰাহ কৰা ভাৰতীয় নাগৰিক কেইজনক যুঁজাৰুৰূপে প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে ৰাছিয়া-ইউক্রেইন যুদ্ধক্ষেত্ৰৰ সমুখ সমৰত নিয়োগ কৰা হৈছিল। ৰাছিয়ালৈ ভাৰতীয় নাগৰিক সৰবৰাহৰ লগত জড়িত ঘটনাত ব্যক্তিগত ভিছা কনছালটেন্সী ফাৰ্ম আৰু এজেণ্টৰ বিৰুদ্ধে মানৱ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক