হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, জে পি নাড্ডাৰ নিৰ্বাচনী সভা

হাৰিয়ানাত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে৷ প্ৰচাৰ অভিযানৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ৰোহটকত অনুষ্ঠিত দলীয় কর্মী সন্মিলনক সম্বোধন কৰে। শ্ৰীনাড্ডাই কয় যে বিজেপিৰ শাসনকালত হাৰিয়ানাই যোগ্যতাৰ ভিত্তিত চাকৰি প্ৰদান কৰা ৰাজ্য হিচাপে এক ভাবমূর্তি গঢ়ি তুলিছে। ৰাজ্যখন কেলেংকাৰীমুক্ত আৰু উন্নয়নমুখী হৈ উঠিছে বুলি তেওঁ উল্লেখ কৰে। হাৰিয়ানা বিকাশৰ দিশে অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰি শ্ৰীনাড্ডাই ভাষণত বিগত দহ বছৰত বিজেপিৰ উন্নয়নমূলক কাম-কাজ আৰু সাফল্যত আলোকপাত কৰে।

ইপিনে আজাদ সমাজ পাৰ্টিৰ নেতা তথা সাংসদ চন্দ্ৰ শেখৰ আজাদ আৰু জননায়ক জনতা পাৰ্টিৰ নেতা দুষ্যন্ত চৌটালাই কালি ৰাজ্যখনৰ জিন্দ জিলাৰ লিজৱানাকে ধৰি বিভিন্ন গাঁৱত প্ৰচাৰ চলায়। একেদৰে কংগ্ৰেছেও বিভিন্ন গাঁও আৰু নগৰত ৰাজহুৱা সভা অনুষ্ঠিত কৰি ভোটদাতাৰ মন জয় কৰাৰ আপ্রাণ প্ৰয়াস অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক