লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। প্রধান মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ বাক্সাৰ সংসদীয় সমষ্টিৰ অহিৰৌলীত এখন নির্বাচনী সভাত ভাষণ দি লোকসভা নিৰ্বাচনত আই এন ডি আই মিত্ৰজোঁটৰ পতন ঘটিব বুলি দাবী কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বিচাৰে। ইয়াৰ পূৰ্বে শ্ৰী মোদীয়ে কাৰাকাটত আৰু পাতলিপুত্ৰ সংসদীয় সমষ্টিত দুখন নির্বাচনী সভাত অংশ লয়। কাৰাকাতত শ্ৰী মোদীয়ে কয় যে, আই এন ডি আই মিত্ৰজোঁটৰ কোনো দৃষ্টিভংগী নাই আৰু মিত্ৰজোঁটটো বিভ্ৰান্ত লোকৰ সমষ্টি। আই এন ডি আই মিত্ৰজোঁটত নীতি নাই বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, তেওঁলোকে ভোটবেংকৰ ৰাজনীতিৰ বাবে পাকিস্তানৰ পাৰমাণৱিক বোমা থকা বুলি আৰু সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ তথা সন্ত্ৰাসবাদৰ বিষয় লৈ জনসাধাৰণক ভিতিগ্ৰস্ত কৰিব খোজে। মিত্ৰজোঁটটোৰ নেতাসকল বিভিন্ন দুর্নীতিত লিপ্ত আৰু সেয়েহে কেন্দ্রীয় সংস্থাসমূহে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, বিহাৰত লুণ্ঠন কৰা সকলক ৰেহাই দিয়া নহ’ব। পাতলিপুত্ৰৰ জনসভাত ভাষণ দি শ্ৰী মোদীয়ে বিৰোধী জোঁট ইণ্ডিয়াৰ দলসমূহক অত্যন্ত সুবিধাবাদী আৰু পৰিয়ালতান্ত্ৰিক দলৰ সমষ্টি হিচাপে অভিহিত কৰিছে। তেওঁ লগতে বিৰোধী জোটক সাম্প্রদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্ৰিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছ, সমাজবাদী পাৰ্টী, নেচনেল কনফাৰেন্স, আৰ জে ডি, এন চি পি আৰু আপৰ দৰে সুবিধাবাদী দলসমূহে প্রধানমন্ত্ৰীৰ পদবীক মিউজিকেল চেয়াৰত পৰিণত কৰিব বিচাৰিছে। আনহাতে আৰ জে ডি নেতা তেজস্বী প্রসাদ যাদৱে নালান্দা সংসদীয় সমষ্টিৰ অস্থাৱাঁত মহা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাই বিজেপিয়ে লোকসভা নিৰ্বাচনত প্রকৃত বিষয়সমূহৰ পৰা জনসাধাৰণৰ মন আনফালে ঢাল খুৱাব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে।

Read Now :

তেওঁ লগতে কয় যে, বিজেপি নেতাসকলৰ বক্তব্যৰ পৰা তেওঁলোকৰ হতাশা স্পষ্ট হৈ পৰিছে আৰু বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহে পৰাজয় স্বীকাৰ কৰা যেন অনুমান হৈছে। উত্তৰ প্ৰদেশতো সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্য নাথে আজি ছালেমপুৰ, বলিয়া আৰু চান্দৌলিত দলীয় প্ৰাৰ্থীৰ হকে নির্বাচনী সভাত অংশ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত ১০ বছৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সন্ত্ৰাসবাদ আৰু নক্সালবাদ উৎখাট হৈছে। নতুন ভাৰতৰ বাবে আৰম্ভ হোৱা যাত্ৰা অভূতপূৰ্ব আৰু ইয়াক লৈ বিশ্ব আচর্যচকিত হৈ পৰিছে বুলি তেওঁ মন্তব্য কৰে। ইপিনে বহুজন সমাজপাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে আজি গৌৰখপুৰত এখন নির্বাচনী সভাত ভাষণ দিয়ে। বহুজন সমাজ পাৰ্টীৰ নেতৃগৰাকীয়ে কংগ্ৰেছৰ ভুল নীতি সমূহক সমালোচনা কয় যে এনে নীতিৰ বাবে দলটোৰ পটন ঘটিছে। তেওঁ লগতে পুঁজিবাদী আৰু চহকী লোকসকলক সমৰ্থন কৰা আৰু দুখীয়াসকলক আওকান কৰাৰ বাবে বিজেপিক তীব্র সমালোচনা কৰে। বিনামূলীয়া ৰেচন বিতৰণ কৰি ভোট সুনিশ্চিত কৰাৰ প্ৰয়াস চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰকো নেত্ৰীগৰাকীয়ে সমালোচনা কৰে।

আনহাতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰা আৰু সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে আজি গৌৰখপুৰত অন্য এখন নির্বাচনী সভাত ভাগ লয়। প্রিয়ংকা গান্ধী ৱাদ্ৰাই তেওঁৰ ভাষণত কয় যে, এন ডি এ চৰকাৰৰ ভুল নীতিৰ বাবেই দেশত মুদ্রাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতা বৃদ্ধি পাইছে আৰু জনসাধাৰণ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। তেওঁ কয় যে, মোদী চৰকাৰে নিজকে কৃষকসকলৰ শুভাকাংক্ষী বুলি দাবী কৰে যদিও তেওঁলোকৰ ঋণ মাফ কৰাৰ বিষয়ে মন্তব্য কৰাৰ পৰা বিৰত আছে। প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গাজিপুৰত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। তেওঁ কয় যে কংগ্ৰেছৰ কাম পিছলৈ থোৱাত আৰু জনসাধাৰণৰ অধিকাৰ হস্তগত কৰাত বিশেষ দক্ষতা আছে। দলটোৱে দেশৰ সাহসী সৈন্যসকলক এটা পদবী, এটা পেন্সন ব্যৱস্থাৰ সুবিধাৰ পৰা বঞ্চিত কৰা বুলি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে, এন ডি এ চৰকাৰে ক্ষমতালৈ অহাৰ পাছতহে এই ব্যৱস্থা বলৱৎ হৈছে। তেওঁ লগতে অনুসূচীত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সংৰক্ষণ কোনো কাৰণতে প্ৰভাৱিত হ’বলৈ দিয়া নহ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। শ্ৰী মোদীয়ে আজি নিশাটো বাৰানসীত কটাব আৰু কাইলৈ ৰাজ্যখনত তিনিখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব ৷ আনহাতে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধা ৱাদ্ৰাই বাৰানসীত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক