ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশত প্ৰচাৰ

দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশত আৰু গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বস্তিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। শ্ৰীমোদীয়ে ভাষণত উন্নত আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিজেপিৰ হকে ভোটদান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে, বিজেপিয়ে প্রথম পাঁচটা পৰ্যায়ৰ নিৰ্বাচনত ইতিমধ্যে সংখ্যাগৰিষ্ঠতা লাভৰ লক্ষ্যত উপনীত হৈছে আৰু সেইবাবেই বিৰোধী পক্ষৰ নেতাসকলে ধৈৰ্য হেৰুৱাইছে। আনহাতে, শ্রাৱস্তি জিলাত বিজেপিৰ প্ৰাৰ্থীৰ হকে অন্য এখন নির্বাচনী সভাত ভাষণ দি শ্রীমোদীয়ে আই এন ডি আই মিত্রজোঁটক তীব্র সমালোচনা কৰে। তেওঁ কয় যে, তেওঁলোক অকল সাম্প্রদায়িকে নহয়, বৰং জাতিভেদবাদীও। তেওঁলোকে স্বজন-তোষণত উদগনি দি অহা বুলিও প্রধানমন্ত্রীয়ে অভিযোগ তোলে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা যোগী আদিত্যনাথেও আজি জনপুৰ আৰু বস্তি জিলাত প্ৰচাৰ চলায়। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ নিৰ্বাচনী সমাৱেশৰ সময়ত হোৱা অচলাৱস্থাৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিৰোধী পক্ষৰ কৰ্মীসকল দিনক দিনে উদ্বিগ্ন হৈ পৰিছে। ইপিনে, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা মোহন যাদৱে আজি মহাৰাজগঞ্জ আৰু কুশিনগৰ জিলাত প্ৰচাৰত ভাগ লয়। ইপিনে, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে আজমগড় জিলাৰ এখন নির্বাচনী সভাত অংশ লৈ বিজেপিয়ে উত্তৰ প্ৰদেশৰ ৮০ খন আসনৰ আটাইকেইখনতে পৰাজয় বৰণ কৰিব আৰু দলটোৱে দেশত ১৪০ খনতকৈ অধিক আসন নাপায় বুলি দাবী কৰে। শ্ৰীযাদৱে কয় যে, তেওঁৰ মিত্ৰদল ক্ষমতালৈ আহিলে দুখীয়া লোকৰ সকলো ঋণ মাফ কৰা হ’ব।

আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি পশ্চিমবংগত প্ৰচাৰ চলায়। দিনৰ ভাগত শ্রী নাড্ডাই উত্তৰ চৌবিশ পৰগনাৰ পৰা নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ হাওৰা জিলাৰ চিমুলপুৰ মেলাৰ মঠ খেলপথাৰত আয়োজিত জনসভাত ভাষণ দিয়ে। তেওঁ কলকাতা উত্তৰ সমষ্টিত আন এখন নির্বাচনী সভাত অংশ লোৱাৰ লগতে বিয়লি হুগলীত এখন প্ৰচাৰ সভাত অংশ লয়। বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহেও আজি পশ্চিমবংগত প্ৰচাৰ চলায়। তেওঁ কাণ্ঠি লোকসভা সমষ্টিৰ ইটাবেৰিয়াত ঘাটাল, দেৱৰা আৰু পুৰুলিয়াত দলৰ সমৰ্থনত প্ৰচাৰ চলায়।

একেদৰে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঝাৰখণ্ডত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ইপিনে, কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই আজি ঝাৰখণ্ডৰ গোদ্দাত নির্বাচনী সমাৱেশত অংশ লয়।

হাৰিয়ানাতো প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। কংগ্ৰেছ আৰু বিজেপি উভয় দলৰে শীৰ্ষ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন ঠাইত নির্বাচনী সভাত ভাগ লোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি মহেন্দ্ৰগড়-ভিৱানি সংসদীয় সমষ্টিৰ চৰ্খি দাদ্রিত এখন নির্বাচনী সভাত ভাষণ দি অগ্নিবীৰ আঁচনিক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্র সমালোচনা কৰে। শ্ৰীগান্ধীয়ে কয় যে, আই এন ডি আই মিত্রজোঁটে ক্ষমতালৈ আহিলে আঁচনিখন প্ৰত্যাহাৰ কৰিব। তেওঁ লগতে খেতিয়কসকলৰ ঋণ মাফ কৰা আৰু শস্যৰ ন্যূনতম সমর্থন মূল্যৰ বাবে এখন আইন প্ৰণয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভিৱানিত এখন নির্বাচনী সভাত ভাষণ দিয়ে। পাকিস্তানৰ এগৰাকী আগশাৰীৰ নেতাই ৰাহুল গান্ধীক প্ৰশংসা কৰাৰ কথা উল্লেখ কৰি শ্রীসিঙে কয় যে, কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকী বিষয়টো লৈ কিয় মৌন হৈ আছে আৰু পাকিস্তানী প্ৰশংসা কিয় প্রত্যাখ্যান কৰা নাই বুলি প্ৰশ্ন তোলে। তেওঁ লগতে প্রাক্তন সৈনিকৰ কল্যাণৰ বিষয় লৈ কংগ্ৰেছক সমালোচনা কৰি কয় যে, বিজেপি চৰকাৰে তেওঁলোকৰ বাবে এটা পদবী, এটা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিছে।

অধিক পঢ়ক

সকলো চাওক