লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ বিয়লি ৫ বজাত সামৰণি

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি ৫ বজাত প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত এখন নির্বাচনী সমাবেশত অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰচাৰ সভাখনত বিৰোধী দল কংগ্রেছক তীব্র সমালোচনা কৰি শ্ৰী মোদীয়ে দাবী কৰে যে, অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কংগ্ৰেছে লোকসভাত বিৰোধী দল হিচাপেহে স্বীকৃত হ’ব। বিজেপি নেতৃত্বাধীন এন ডি এই নির্বাচনত ৪০০ খনতকৈও অধিক লোকসভা আসনত জয়ী হ’ব বুলি দাবী কৰি জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কংগ্ৰেছে কেৱল ৫০ খন আসনতহে জয়লাভ কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে। কংগ্ৰেছ শাসন কালক কু-শাসনৰ অভিধা দি শ্ৰী মোদীয়ে কয় যে, সেই সময়ত দেশত সন্ত্ৰাসবাদী আক্ৰমণৰ সংখ্যা বেছি আছিল। তেওঁ লগতে কংগ্ৰেছ শাসন কালত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাসমূহৰ সঠিক তদন্ত নোহোৱা বুলিও অভিযোগ কৰে। দুদিনীয়া কাৰ্যসূচীৰে ওড়িশালৈ যোৱা প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত বাগড় সংসদীয় সমষ্টিটো এখন নির্বাচনী সভাত ভাষণ দিয়ে ।
অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিহাৰৰ বেগুচৰাই চহৰত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে, বিজেপিৰ সবল নেতৃত্বত কিছু বছৰৰ ভিতৰতে পাক অধিকৃত কাশ্মীৰ আকৌ ভাৰতৰ অংশ হিচাপে স্বীকৃত হ’ব। সংবাদ মাধ্যমৰ সৈতে হোৱা এক বার্তালাপত বিজেপি নেতাগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰে লোৱা স্থিতিৰ বিৰুদ্ধাচাৰণ কৰাৰ কাৰণে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও আজি পশ্চিমবংগৰ কেইবাটাও লোকসভা সমষ্টিত নির্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে কলিকতালৈ ৰাওনা হৈছে। মন্ত্ৰী দাসে পষেকজোৰা কাৰ্যসূচীত ৰাজ্যখনৰ কেইবাটাও লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ইফালে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও আজি অন্ধ্ৰপ্ৰদেশৰ কাদাপ্পাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰী গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনক সমালোচনা কৰি এন ডি এৰ শাসনকালত দেশৰ ৯০ শতাংশ লোকৰ অধিকাৰ আৰু বিকাশ বিঘ্নিত হৈছে বুলি দাবী কৰে। আনহাতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেয়েও আজি বিহাৰৰ পাৰ্টনাত নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ নেতাগৰাকীয়ে বিহাৰৰ ৰাজধানী চহৰখনত সংবাদ মাধ্যমক সম্বোধন কৰি শাসক পক্ষৰ নির্বাচনী স্থিতিক তীব্র সমালোচনা কৰে। আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালেও আজি দেশত এতিয়া একনায়কত্ববাদ চলি আছে বুলি দাবী কৰি ১৪০ কোটি ভাৰতীয় জনসাধাৰণক ইয়াৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ দিবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰীৰ বৈচিত্রহীন এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচন আৰু এজন নেতাৰ সপোনক স্বৈৰাচাৰী আখ্যা দি ইয়াৰ বিৰুদ্ধে সংঘবদ্ধ হ’বলৈ দেশবাসীক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক