অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত

◊ ৰাজ্যত ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানে সম্প্ৰতি গতি লাভ কৰিছে। মুখ্যমন্ত্রীসহ শাসকীয় পক্ষই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলোৱাৰ সমান্তৰালকৈ বিৰোধী দলসমূহেও নিজ নিজ প্রার্থীৰ সমৰ্থনত ভোটদাতাৰ মন আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বৰপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কাজিৰঙা সমষ্টিৰ বিজেপি প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰচাৰ চলাব। এই সভাত বিজেপি প্রার্থীগৰাকীৰ লগতে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলীত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীত প্রায় ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশাল চাইকেল সমদলত অংশগ্ৰহণ কৰে।

এই সমদলত স্থানীয় বিজেপি নেতা-কর্মীৰ লগতে বহুসংখ্যক সাধাৰণ লোকে ভাগ লয়। ইয়াব পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই উপস্থিত লোকসকলক উদ্দেশ্যি কয় যে, এইবাৰৰ নিৰ্বাচনত অধিকাংশ আসনেই বিজেপিয়ে লাভ কৰিব। তেওঁ বিজেপি নেতৃত্ব চৰকাৰে বিভিন্ন কল্যাণমূলক কামৰ খতিয়ান দিয়ে। চাইকেল সমদলৰ পাছত ড০ শৰ্মাই নামনি মাজুলীত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। বিত্ত মন্ত্রী অজন্তা নেওগেও টীয়ক সমষ্টিৰ বিভিন্ন স্থানত তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলায়। যোৰহাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও ব্যাপক প্ৰচাৰ চলাইছে। কালি তেওঁ শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু দলীয় কৰ্মীসকলক লৈ শিৱসাগৰ আৰু ডিমৌত ১৪ খন সভাত অংশগ্ৰহণ কৰে। তেওঁ শিৱসাগৰৰ ৰাজীৱ ভৱনত এখন সংবাদমেলত ৰাইজলৈ গোহাৰি শীৰ্ষক এখন পত্ৰিকাৰ লগতে বিজেপিৰ নেতৃত্বৰ চৰকাৰৰ কামকাজক সমালোচনা কৰি মহা অভিযোগনামা মুকলি কৰে। ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সংখ্যালঘু মৰ্চাৰ অন্তৰ্গত উত্তৰ-পূব তিতাবৰ মণ্ডলৰ কৰঙা গাঁও পঞ্চায়তৰ ৩৬ নম্বৰ বুথত আৰু চৰাইবাহী গাঁও পঞ্চায়তৰ ১০ নম্বৰ বুথত সংখ্যালঘু সকলৰ চোতাল সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্রার্থী তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি খোৱাং বিধানসভা সমষ্টিৰ ধেমেচিৰ পৰা নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। তেওঁ খোৱাং সমষ্টিত ৬খন নির্বাচনী সভাত অংশগ্রহণ কৰে।

বিজেপিক ভোট দিবলৈ সকলো আহ্বান জনাই শ্ৰীসোণোৱালে কয় যে, ৰাইজ বিকশিত অসম, বিকশিত ভাৰতৰ লক্ষ্যৰে আগুৱাই যাব লাগিব। ইপিনে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীয়ে কালি ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত প্ৰচাৰ চলায়। বৰপেটাত ৭ মে’ত তৃতীয় পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’ব। শ্রীচৌধুৰীয়ে সৰভোগৰ আহোমপথাৰ, চাফা, কামাৰ আদিৰ লগতে বৰপেটা বোডতো নির্বাচনী সভাত অংশগ্রহণ কৰে। সমষ্টিটোৰ চি পি আই এম দলৰ প্রার্থী মনোৰঞ্জন তালুকদাৰে কালি পাকাবেটবাৰীত নির্বাচনী প্ৰচাৰ চলায়। তামুলপুৰ জিলাত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী ড০ স্বর্ণা দেৱীয়ে এখন সংবাদমেলত মহিলা সবলীকৰণৰ বাবে তেওঁক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। তামুলপুৰত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰৰ লগতে দৰং-ওদালগুৰি লোকসভা সমষ্টিত গণ সুৰক্ষা পাৰ্টীয়ে সাফল্য লাভ কৰিব বুলি দাবী কৰে। ইপিনে কৰিমগঞ্জত কালি কংগ্ৰেছৰ ৫০০ ৰো অধিক নেতা-কর্মীয়ে এ আই ইউ ডি এফত যোগদান কৰে। এ আই ইউ ডি এফৰ সভাপতি বদরুদ্দিন আজমলৰ উপস্থিতিত এই যোগদান সভাত প্রাক্তন মন্ত্রী আবু ছালেহ নাজমুদ্দিনে কংগ্ৰেছ ত্যাগ কৰি এ আই ইউ ডি এফত যোগ দিয়ে। আজি কৰিমগঞ্জ লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ মনোনীত প্রার্থী ছাহাবুল ইছলাম চৌধুৰীয়ে মনোনয়ন পত্র দাখিল কৰিব।

অধিক পঢ়ক

সকলো চাওক