২০ মে’ত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৪৯টা সমষ্টিত ভোটগ্রহণ

◊ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি পৰে। এই পৰ্যায়ত অহা ২০ মে’ত ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। পঞ্চম পৰ্যায়ৰ প্ৰচাৰৰ সামৰণিৰ প্ৰাকক্ষণত আজি ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ অন্তিম প্রয়াসত ব্ৰতী হয়। আনহাতে, দেশৰ বিভিন্ন প্ৰান্তত ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত আছে। ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব।

Image

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ আম্বালাত এন ডি এৰ এখন নির্বাচনী সভাত ভাষণ দি এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে অভিলেখ সংখ্যক আসনত জয়ী হ’ব বুলি আস্থা প্ৰকাশ কৰে।

Image

ভাষণ প্ৰসংগত শ্রীমোদীয়ে দাবী কৰে যে বিজেপিৰ দৰে শক্তিশালী নেতৃত্বৰ চৰকাৰ এখন ক্ষমতাত থাকিলে ৰাষ্ট্ৰবিৰোধী শক্তিসমূহে মূৰ তুলিবলৈ সুবিধা নাপায়। জম্মু আৰু কাশ্মীৰৰ অৱস্থা পূৰ্বৰ তুলনাত পৰিবৰ্তন হৈছে বুলি দাবী কৰি বিজেপি নেতাগৰাকীয়ে কয় যে, এন ডি এৰ নেতৃত্বতহে এই সু- পৰিবৰ্তন সম্ভৱ হৈছে।

Image

শ্রীমোদীয়ে লগতে আম্বালা তথা সামগ্ৰিকভাৱে হাৰিয়ানাৰ দেশপ্ৰেমেৰে বিঢৌত জনসাধাৰণক ৰাষ্ট্ৰবিৰোধী শক্তিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আহ্বান জনায়। জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আজি বিহাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

Himanta Biswa Sarma addresses a press conference in Ranchi on Wednesday.

কংগ্ৰেছ শাসনকালক জংঘল ৰাজৰ আখ্যা দি শ্ৰীশৰ্মাই বিজেপিৰ নেতৃত্বত এন ডি এ চৰকাৰে সুশাসন সম্ভৱ কৰিছে বুলি দাবী কৰে। ইপিনে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই আজি মুম্বাইত এখন সংবাদমেলক সম্বোধন কৰি কয় যে, আই এন ডি আই মিত্রজোঁটে চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হ’লে জিএছটি সলনি এটা সৰল আৰু একক দযুক্ত কৰ ব্যৱস্থা সকলোৰে কাৰণে প্ৰযোজ্য কৰা হ’ব। দেশৰ ১৪০ কোটি জনসাধাৰণক চাকৰি,মূল্যবৃদ্ধি, কৃষকৰ আমদানি হ্রাস, দুর্নীতি হ্রাস ইত্যাদি বিভিন্ন ক্ষেত্ৰত মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি দাবী কৰি শ্ৰীখাৰ্গেয়ে শাসনাধিস্থ চৰকাৰক সমালোচনা কৰে। এন চি পিৰ সভাপতি শাৰদ পাৱাৰ আৰু শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেও উপস্থিত থকা সংবাদমেলখনত বিৰোধী পক্ষই মহাৰাষ্ট্ৰৰ ৪৮খন লোকসভা আসনৰ ৪৬খনত জয়লাভ কৰিব বুলি দাবী কৰে। উল্লেখযোগ্য যে আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও কালি মুম্বাইত আই এন ডি আই মিত্রজোঁটৰ সমৰ্থনত আয়োজিত জন সমাবেশত অংশগ্ৰহণ কৰে। ইফালে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি ঝাঁচীত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। আই এন ডি আই মিত্রজোঁট আৰু কংগ্ৰেছক সমালোচনা কৰি শ্ৰীশ্বাহে কয় যে, পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত ৰাষ্ট্ৰতকৈ পৰিয়ালৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। ইয়াৰ পাছত শ্ৰীশ্বাহে আজি আমেঠিত এন ডি এৰ প্ৰাৰ্থী স্মৃতি ইৰাণীৰ হৈ এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙেও আজি উত্তৰ প্ৰদেশত নির্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমুখী কার্যকলাপসমূহে বিশ্বব্যাপি অর্থনীতিবিদ আৰু বিত্তীয় অনুষ্ঠানসমূহৰ সমাদৰ লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক