প্ৰধানমন্ত্ৰী মোদীৰ আজি নাৰায়ণপেট আৰু হায়দৰাবাদত নিৰ্বাচনী প্ৰচাৰ সভা, পশ্চিমবংগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’

চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণিলৈ মাজত এটা দিন বাকী থকা অৱস্থাত লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। প্ৰধান ৰাজনৈতিক দলসমূহৰ আগশাৰীৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে জনসাধাৰণৰ পৰা সমৰ্থন বিচাৰি প্ৰচাৰ অভিযানত অংশগ্রহণ কৰিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ ভিন ভিন প্ৰান্তত নির্বাচনী সভা আৰু ৰোড শ্ব’ত অংশ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নাৰায়ণপেট আৰু হায়দৰাবাদত আয়োজিত দুখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত আজি সন্ধিয়া হ’বলগীয়া নির্বাচনী সভাখন শ্রী মোদীৰ তেলেংগানাত অন্তিমখন নির্বাচনী সভা হ’ব। ইফালে, অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিমবংগত নির্বাচনী সভাত ভাগ লৈ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ ভীমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ভীমপুৰ বজাৰলৈ এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ব্যাৰাকপুৰ লোকসভাৰ অন্নপূর্ণা আৰু হুগলী লোকসভাৰ কামাৰপাৰাত আয়োজিত নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিব।

ইফালে, মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি ওড়িশাত বিজেপিৰ হকে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। প্ৰচাৰ অভিযানত তেওঁ নৱৰংগপুৰ লোকসভা সমষ্টিৰ মলকানগিৰিৰ লগতে চিত্রাকোন্দা আৰু খল্লিকোটত দলীয় প্ৰাৰ্থীৰ হকে নির্বাচনী জনসভাত ভাষণ দি ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ জনবিৰোধী কাম-কাজৰ তীব্ৰ সমালোচনা কৰে। নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁ ওড়িশাত এইবাৰ বিজেপিৰ চৰকাৰ হ’বই বুলি উল্লেখ কৰি কয় যে এইবাৰ ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠন হ’লেই ৩ লাখ ৫০ হাজাৰ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব। বিজেপিৰ চৰকাৰ শাসনলৈ আহিলেই ৰাজ্যখনৰ মহিলাসকলৰ সৱলীকৰণৰ বাবে ৫০ হাজাৰ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে। অসম চৰকাৰে চৰকাৰী খৰচত ১ লাখ লোকক ৰাম মন্দিৰলৈ নিয়াৰ সিদ্ধান্ত লোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ওড়িশাত বিজেপিৰ চৰকাৰ ক্ষমতালৈ আহিলে ৰাজ্যখনৰ ৫ লাখ লোকক চৰকাৰী খৰচত ৰাম মন্দিৰলৈ নিব। তদুপৰি কাশী, বিশ্বনাথৰ দৰে জগন্নাথ মন্দিৰৰো সু-ব্যৱস্থাপনা কৰা হ’ব বুলি তেওঁ কয়।

অধিক পঢ়ক

সকলো চাওক