প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কেবিনেটৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কৈছে যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে নিৰন্তৰ পদক্ষেপ লৈ আহিছে। চৰকাৰ সমগ্ৰ দেশত যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে বদ্ধপৰিকৰ বুলি শ্রীমোডীয়ে মন্তব্য কৰে। তেওঁ কয় যে বাৰানসী বিমান বন্দৰৰ উন্নয়নে জনসাধাৰণৰ জীৱন সূচল কৰি তুলিব আৰু কাশী ভ্ৰমণ কৰিব বিচৰা তীর্থযাত্ৰীসকলৰ সুবিধা হ’ব। প্রধানমন্ত্রীয়ে লগতে কয় যে গুজৰাট আৰু তামিলনাডুৰ সমুদ্ৰ তীৰৰ সমীপত পৱন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্তই দেশত নবীকৰণযোগ্য শক্তি সামর্থ্য বৃদ্ধি কৰিব, কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু কাৰ্বন নিষ্কাশন হ্ৰাস কৰাত সহায় কৰিব। মহাৰাষ্ট্ৰৰ ৱধাৱন বন্দৰ বিকশাই তোলাৰ সিদ্ধান্তই অর্থনৈতিক প্ৰগতি ত্বৰান্বিত কৰিব আৰু ব্যাপক পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি শ্রীমোডীয়ে প্ৰকাশ কৰে।
ইফালে, গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যমযোগে কৈছে যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এন ডি এ চৰকাৰ কৃষকৰ কল্যণ আৰু সমৃদ্ধিৰ বাবে বদ্ধপৰিকৰ। ৱধাৱন বন্দৰ প্ৰকল্পক যুগান্তকাৰী বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে ইয়াৰ ফলত দেশত সামুদ্রিক সামৰ্থ্যৰ পূৰ্ণ ব্যৱহাৰ সম্ভৱপৰ হৈ উঠিব।