ডাউনলোড
মোবাইল এপ

android apple
signal

March 10, 2025 11:55 AM | Cabinet meeting

printer

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা কৰা হৈছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংবাদমেলযোগে এই কথা ঘোষণা কৰে। সেই অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট ৰাণা প্রতাপ কলিতালৈ আগবঢ়োৱা হৈছে অসম বৈভৱ বঁটা। অসম সৌৰভ বঁটাৰ বাবে সংগীত শিল্পী দ্বিপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা চেত্ৰী আৰু টাটা কনচালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° এছ ৰামডুৰাইৰ নাম বিবেচনা কৰা হৈছে। আনহাতে, শগুণৰ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা ফুলেশ্বৰী দত্ত আৰু বাইক ৰাইডাৰ মিনাক্ষী দাসকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা ১২গৰাকী ব্যক্তিৰ লগতে আন তিনিটা প্ৰতিষ্ঠানলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা। এই প্রতিষ্ঠানকেইটা হৈছে কলিয়াবৰৰ চোৰেং এহেম, তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱৰ হলৌ বান্দৰ সংৰক্ষণৰ বাবে অহৰ্নিশে কাম কৰি অহা ইকো-ডেভেলপ ছচাইটী আৰু বন্যহস্তীৰ হকে দীর্ঘদিনে কাম কৰি অহা নগাঁৱৰ হাতীবন্ধু। অহা ৩০ মাৰ্চত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই বঁটাসমূহ প্ৰদান কৰিব। সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা কোচিং চেণ্টাৰসমূহ নিয়ন্ত্ৰণৰ বাবে এখন নতুন আইন আনিব বুলিও সদৰি কৰে। তেওঁ কয় যে কোচিং চেণ্টাৰসমূহক নিয়ন্ত্ৰণ কৰিব পৰাকৈ সম্প্ৰতি কোনো ব্যৱস্থা নাই। সেয়ে চলিত বিধানসভা অধিবেশনতে কোচিং চেণ্টাৰ নিয়ন্ত্ৰণৰ বাবে আছাম কোচিং ইনষ্টিটিউট বিধেয়ক উত্থাপন কৰা হব ।

আনহাতে, মেডিকেল শিক্ষাৰ বাবে প্ৰবেশ পৰীক্ষা কেৱল চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বায়োমেট্ৰিক পৰীক্ষাৰ পাছতহে এতিয়াৰে পৰা পৰীক্ষা হলত পৰিক্ষাৰ্থী প্ৰৱেশ কৰিব পাৰিব। এই বিষয়টো নেচনেল টেষ্টিং এজেন্সিক অৱগত কৰিবৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিয়া বুলিও সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক