ডাউনলোড
মোবাইল এপ

android apple
signal

February 24, 2025 12:54 PM | Cabinet meeting

printer

ৰাজ্যৰ চিকিৎসা মহাবিদ্যলয়সমূহৰ পঞ্জীয়কৰ পৰা অধ্যাপকলৈকে এইমছৰ চিকিৎসকৰ সমপৰ্যায়ত সা-সুবিধা প্ৰদানৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ কালি মন্ত্ৰী সভাৰ বৈঠকে অনুমোদন জনায়। কালি দিছপুৰত অনুষ্ঠিত বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মেলত এই বৃহৎ পৰিমাণৰ বিনিয়োগৰ বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে এই সময়চোৱাতে জিলা পৰ্যায়ত ৫ লাখ টকাৰ পৰা ৫০ কোটি টকালৈ বিনিয়োগৰ বাবে জিলা আয়ুক্তসকলে হহেজাৰ ৫৯০খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। জিলা পৰ্যায়ত হোৱা এই চুক্তিৰ পৰা ১৫ হাজাৰ ৫৯০ কোটি টকা বিনিয়োগ হব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অৱশ্যে,কামৰূপ মহানগৰ জিলাৰ বাবে বুজাবুজিৰ চুক্তি সমূহ এডভান্টেজ আছাম সন্মিলনত স্বাক্ষৰ কৰা হব বুলি তেওঁ উল্লেখ কৰে। বস্ত্ৰ শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগ সন্দৰ্ভত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিভিন্ন মন্ত্ৰালয়ে এই সন্মিলনত আন্তঃগাঁথনি বিনিয়োগৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়। ধন বিনিয়োগ সম্পৰ্কীয় বুজাবুজি চুক্তিৰ উপৰি বিত্তীয় উপাদান জড়িত নথকা কেতবোৰ চুক্তি যেনে-প্ৰযুক্তিৰ বণ্টন, শৈক্ষিক সহযোগিতাক ধৰি কেইবাটাও বিষয়ত চুক্তি স্বাক্ষৰ হব বুলি তেওঁ কয়। ইয়াৰ ফলত বিনিয়োগৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰিলায়েন্স আৰু আদানী গ্রুপে সন্মিলনত কোনো ধৰণৰ চুক্তি নকৰে যদিও বিনিয়োগ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিব বুলি ড° শৰ্মাই কয়। একেদৰে, জাপান আৰু ছিংগাপুৰ বিনিয়োগ সন্দৰ্ভত চুক্তি নকৰে যদিও দেশ দুখনত অসমৰ যুৱক-যুৱতীৰ দক্ষতা বিকাশ আৰু কৰ্ম সংস্থাপনৰ সুযোগ দিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

ৰাজ্যৰ চিকিৎসা মহাবিদ্যলয়সমূহৰ পঞ্জীয়কৰ পৰা অধ্যাপকলৈকে সকলোকে এতিয়াৰে পৰা এইমছৰ চিকিৎসকৰ সমপৰ্যায়ত সা-সুবিধা প্ৰদানৰ বাবেও কালি মন্ত্ৰীসভাৰ বৈঠকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্রীসভাই তেওঁলোকৰ বাবে কেৰিয়াৰ পদোন্নতি আঁচনিত দিয়া অনুমোদনৰ ফলত চিকিৎ‍সা মহাবিদ্যালয়সমূহৰ অধ্যাপক তথা পঞ্জীয়কসকল পদোন্নতিৰ সুবিধা হব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি, চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত চিকিৎসকক বছৰি দুখনকৈ ৰাষ্ট্ৰীয় আৰু দুখনকৈ এছীয় শৈক্ষিক আলোচনা চক্ৰত অংশগ্ৰহণৰ সুবিধা দিয়া হব। ইয়াৰ বাবে সকলো ব্যয় চৰকাৰে বহন কৰিব। কালি মন্ত্রীসভাই ষষ্ঠ অসম বিত্তীয় আয়োগৰ কাৰ্যকাল অহা বছৰৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি, ডিব্ৰুগড় আৰু শিৱসাগৰৰ আন্তঃগাঁথনিমূলক কাম- কাজৰ বাবে ৫৫ কোটি টকাৰ আৱণ্টনত মন্ত্ৰী সভাই অনুমোদন জনায়। ইয়াৰ উপৰি মন্ত্ৰীসভাই অসম, জৈৱ প্রযুক্তি নীতিৰ সংশোধনী তথা বস্ত্ৰ আৰু সাজপাৰ নীতি ২০২৫ তো অনুমোদন জনাইছে।

অধিক পঢ়ক

সকলো চাওক