ডাউনলোড
মোবাইল এপ

android apple
signal

দিছপুৰত আজি ৰাজ্যিক কেবিনেটৰ সাপ্তাহিক বৈঠক

ৰাজ্যিক কেবিনেটৰ সাপ্তাহিক বৈঠক আজি দিছপুৰত অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বন্যার্ত কৃষকক কঠিয়া যোগান, বানত ক্ষতি হোৱা গৃহৰ মেৰামতি, ক্ষতিগ্ৰস্ত বাট-পথৰ মেৰামতিকে ধৰি ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে বৈঠকত আলোচনা কৰা হ’ব। মুখ্যমন্ত্রীয়ে লগতে কয় যে বানত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ জিলা প্ৰশাসনসমূহক নির্দেশ দিয়া হৈছে। আনহাতে, ডিব্ৰুগড় আৰু যোৰহাটত ব্ৰহ্মপুত্ৰৰ পানী ক্রমান্বয়ে কমিবলৈ লোৱা বুলি উল্লেখ কৰি অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু উজনি অসমত বৰষুণ নহ’লে পৰিস্থিতি শীঘ্ৰেই উন্নত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক