ডাউনলোড
মোবাইল এপ

android apple
signal

অহা নৱেম্বৰ-ডিচেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত

ৰাজ্যত অহা নৱেম্বৰ-ডিচেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। লোকসভা নির্বাচন প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধক্ষ্যতাত কালি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছতেই অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, নিৰ্বাচনৰ পূৰ্বে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সমষ্টিবোৰৰ পুননিৰ্দ্ধাৰণ কৰাৰ লগতে উন্নয়ন খণ্ডবোৰৰো পুনৰ গঠন কৰা হ’ব। ইপিনে, অৰুণোদয় আঁচনিৰ যোগেদি আৰু কিমান লোকক সামৰি ল’ব পাৰি, অন্তৰ্ভুক্ত হ’বলগীয়া পৰিয়ালৰ সংজ্ঞা, ৰাজ্যৰ বিত্তীয় অৱস্থা আদিৰ পৰ্যালোচনা কৰি চৰকাৰক এখন প্রতিবেদন দিবলৈ কেবিনেট উপ সমিতি গঠন কৰা হৈছে বুলিও ড° শৰ্মাই জানিবলৈ দিয়ে। বিত্তমন্ত্রী অজন্তা নেওগৰ অধ্যক্ষতাত গঠিত কমিটীখনৰ সদস্যসকল হৈছে মন্ত্ৰী ৰণোজ পেগু, বিমল বৰা, কেশৱ মহন্ত আৰু ৰঞ্জিৎ দাস। কমিটীখনে এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। আনহাতে নিযুত মইনা নামৰ আঁচনিখনৰ যোগেদি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাৰ্ষিক, শৈক্ষিক অনুদান কেনেদৰে প্ৰদান কৰা হ’ব সেই সম্পৰ্কত পৰামৰ্শ দিবলৈও আন এখন কমিটী গঠন কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক লৈ গঠন কৰা কমিটীখনে এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অহা ১৫ আগষ্টত এই ধন মোকলাই দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তদুপৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ যোগেদি আৰু ১৫ লাখ লোকক বিনামূলীয়া চাউল বিতৰণৰ বাবে অন্তৰ্ভুক্ত কৰা, অহা ছেপ্তেম্বৰ মাহৰ পৰা মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই আঁচনিৰ যোগেদি ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ লোৱাসকলক এন চি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা আদি সিদ্ধান্তও কালি অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় ৷ ইফালে, ছেপ্তেম্বৰ মাহত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ যোজনাৰ অধীনত প্ৰথম পৰ্যায়ত ৩০ হাজাৰ নিবনুৱাক ১ লাখ টকাকৈ প্ৰথম কিস্তিৰ বিত্তীয় সাহায্যও প্ৰদান কৰা হ’ব। চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ বাবে পৰামৰ্শদান সমিতিয়ে ইতিমধ্যে ইউনেস্ক’লৈ ইতিবাচক প্রতিবেদন প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা মাহত ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত ইউনেস্ক’ৰ বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীত থকা ইউনেস্ক’ৰ প্ৰতিখন সদস্যৰাষ্ট্ৰৰ দূতাবাসৰ সৈতে ৰাজ্য চৰকাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সহযোগত যোগাযোগ কৰিব বুলি কেবিনেটত সিদ্ধান্ত লোৱা হয়। কালিৰ কেবিনেটত দূৰদৰ্শন আৰু আকাশবাণীযোগে মহাবীৰ লাচিত বৰফুকনৰ জীৱন সম্পৰ্কে ৫২টা খণ্ডত সম্প্ৰচাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু প্ৰসাৰ ভাৰতীয়ে ১০ কোটি টকাকৈ ব্যয় কৰাৰ বাবে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিত অনুমোদন জনোৱা হয়। ইফালে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে জীৱনজোৰা যুঁজ দিয়া প্রয়াত বীৰুবালা ৰাভাৰ মৃত্যু দিন ১৩ মে’ৰ দিনটো ৰাজ্য চৰকাৰে কু-সংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰিবলৈও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে আলোচনা হোৱাৰ কথা সদৰি কৰি ড° শৰ্মাই কয় যে, ৰাজ্যখনত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈসমূহত ২৬৪ কিলোমিটাৰত কোনো মথাউৰি নাই । ইয়াৰ বাবেই বহু অঞ্চল বানৰ কবলত পৰে। বান প্ৰতিৰোধৰ বাবে মথাউৰি নিৰ্মাণত কিমান ধনৰ প্ৰয়োজন হ’ব সেই সম্পর্কে প্রতিবেদন যুগুতাবলৈ জলসম্পদ বিভাগক কোৱা হৈছে বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক