ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধক্ষ্যতাত আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি প্ৰতিখন পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নহয়, এই কথাত গুৰুত্ব আৰোপ কৰা হ’ব। লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনি ৰাজ্যখনৰ সৰ্বাধিক সংখ্যক লোকৰ মাজলৈ লৈ যোৱাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰ্ণৰ বাবে কেনেধৰণে বা কিমান সংখ্যক লোকক ইয়াৰ দ্বাৰা সামৰি লোৱা হ’ব, সেই সন্দৰ্ভত চালি-জাৰি চোৱাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে ইয়াৰ বাবে মন্ত্ৰী অজন্তা নেওগ, ৰণোজ পেগু, বিমল বৰা, কেশৱ মহন্ত আৰু ৰঞ্জিত কুমাৰ দাসক লৈ এখন কেবিনেট উপ-সমিতি গঠন কৰি এই আঁচনি ৰূপায়ণ কৰিবলৈ ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থা কিমানদূৰ সমৰ্থ হ’ব, সেইবিষয়ে এমাহৰ ভিতৰত পৰামৰ্শ দাখিলৰ নিৰ্দেশ দিয়া হৈছে। চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ বাবে পৰামৰ্শদান সমিতিয়ে ইতিমধ্যে ইউনেস্ক’লৈ ইতিবাচক প্রতিবেদন প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা মাহত ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত ইউনেস্ক’ৰ বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীত থকা ইউনেস্ক’ৰ প্ৰতিখন সদস্যৰাষ্ট্ৰৰ দূতাবাসৰ সৈতে ৰাজ্য চৰকাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সহযোগত যোগাযোগ কৰিব বুলি কেবিনেটত সিদ্ধান্ত লোৱা হয়। আজিৰ কেবিনেটত দূৰদৰ্শনযোগে মহাবীৰ লাচিত বৰফুকনৰ জীৱন সম্পৰ্কে ৫২ টা খণ্ডত সম্প্ৰচাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু প্ৰসাৰ ভাৰতীয়ে ১০ কোটি টকাকৈ ব্যয় কৰাৰ বাবে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিত অনুমোদন জনোৱা হয়। নিযুত মইনা আঁচনিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ ছাত্ৰীসকলক ১০ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ ছাত্ৰীসকলক ১২ হাজাৰ টকাকৈ প্ৰদান সন্দৰ্ভত সকলো দিশ চালি-জাৰি চাই সাদিনৰ ভিতৰত অৱগত কৰিবলৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক বৈঠকত দায়িত্ব অর্পণ কৰা হৈছে। মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই ৫০ হাজাৰ টকা পৰ্যন্ত দিয়াৰ সিদ্ধান্ত অহা আগষ্টতে ৰূপায়ণ কৰাৰ বাবেও বৈঠকত কোৱা হৈছে। আনহাতে, ১৫ লাখ ব্যক্তিক নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়। আজিৰ বৈঠকত ৰাজ্যখনৰ বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবেও বিভিন্ন ব্যৱস্থা গ্রহণ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইফালে, আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ঋণৰ বাবে আবেদন কৰা ৩০ হাজাৰ গৰাকী বাছনিপ্ৰাপ্ত যুৱক- যুৱতীক ঋণ প্ৰদানৰ বিষয়েও কেবিনেটত সিদ্ধান্ত লোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক