কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে আজি গুৱাহাটীত ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কৰে। কৰ্মশালাখন মুকলি কৰি দিয়া ভাষণত শ্ৰী পাটিলে কয়, যে ভাৰতৰ অৰ্থনীতি জলসম্পদৰ ওপৰত নিৰ্ভৰশীল আৰু জলাশয়সমূহক পুনৰুজ্জীৱিত কৰি তোলা অতি প্রয়োজন। মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, যে বহনক্ষম জলসম্পদৰ অবিহনে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ‘ব পৰা নাযাব । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান নিয়ন্ত্ৰণ আৰু নদী ব্যৱস্থাপনা সম্পৰ্কত নীতি আৰু কৌশলসমূহ উন্নত কৰি তোলা বিষয়ক লৈ আলোচনা কৰা হয়। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে।
Site Admin | November 12, 2024 6:08 PM | Brahmaputra board