ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি ৯গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। ইয়াকে লৈ এই পর্যন্ত ১৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিলে। কাইলৈ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল অন্তিম দিন।
চিদলী বিধানসভা সমষ্টিত আজি এন ডি এ সমর্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই মিত্ৰজোঁটৰ কেইবাজনো নেতাৰ উপস্থিতিত কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়নপত্র দাখিল কৰে।
ধলাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নীহাৰৰঞ্জন দাসে দলৰ কেইবাগৰাকীও সাংসদ, বিধায়ক তথা জ্যেষ্ঠ নেতাৰ উপস্থিতিত মনোনয়ন পত্র দাখিল কৰে।
চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্রার্থী তানজিল হুছেইনে আজি মনোনয়ন পত্র দাখিল কৰে। চামগুৰি বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্র দাখিল কৰাৰ সময়ত দলৰ সাংসদদ্বয় গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু বিধায়ক দেৱব্ৰত শইকীয়া উপস্থিত থাকে।