ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ‘ব। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ মুঠ ৬৮ খন ভোটগণনা মেজত ভোটগণনা অনুষ্ঠিত হ‘ব। ইয়াৰ উপৰিও ডাকযোগে অহা বেলট কাকতসমূহ গণনাৰ বাবেও এই ৫টা সমষ্টিত মুঠ ৯ খন মেজত ভোটগণনা কৰা হ‘ব। নিৰ্বাচন বিভাগৰ সূত্ৰই জনোৱা অনুসৰি কাইলৈ পুৱা প্ৰথমে ডাকযোগে অহা বেলট কাকতসমূহৰ গণনা কৰা হ‘ব। তাৰ পাছত ৮৫ বছৰ ঊৰ্ধৰ ভোটদাতাসকলে বেলট কাকতত দিয়া ভোটসমূহ গণনা কৰা হ‘ব। দুপৰীয়াৰ ভাগত ভোটগণনাৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। বিভিন্ন জিলাৰ নিৰ্বাচনী বিষয়াসকলৰ উদ্ধৃতি দি আমাৰ জিলা সংবাদদাতাসকলে জনোৱা অনুসৰি ধলাইত ৰামনগৰৰ আন্তঃৰাজ্যিক ট্রাক টার্মিনেলৰ কেন্দ্ৰত, চিদলীত কাজলগাঁৱৰ জিলা কেন্দ্ৰত, বঙাইগাঁৱত বঙাইগাঁও মহাবিদ্যালয়ত, বিহালী আৰু চামগুৰি সমষ্টিৰ ভোটগণনা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভোটগণনা কেন্দ্ৰত অনুষ্ঠিত হ‘ব। ভোটগণনাৰ বাবে প্ৰায় তিনিশ পঞ্চাছ গৰাকী কৰ্মচাৰীক নিযুক্ত কৰা হৈছে। ভোটগণনা কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে আৰু ভোটগণনা কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ভোটগণনাৰ ফলাফল প্ৰাৰ্থী আৰু সংবাদ মাধ্যমক জনোৱাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে । আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এই সমষ্টিকেইটাত যোৱা ১৩ নৱেম্বৰত অনুষ্ঠিত উপ-নির্বাচনৰ ভোটগ্ৰহণত সামগ্ৰিকভাৱে প্ৰায় ৭৬ শতাংশ ভোটাদাতাই ভোটদান কৰিছিল। কাইলৈ ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাও অনুষ্ঠিত হ‘ব।
Site Admin | November 22, 2024 6:54 PM | by-election